Reporting on
আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিটিচিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২১ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ এই ভোটগ্ৰহণ। ৪ খন জিলাৰ ভিতৰত ২ খন জিলা ক্ৰমে ওদালগুৰি আৰু বাক্সাত অনুষ্ঠিত হৈছে ভোটগ্ৰহন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ১৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ভোটাৰৰ সংখ্যা ১৩, ৬৪, ৩২৭ গৰাকী আৰু আটাইকেইটা সমষ্টিৰ ভিতৰত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১৭৩৯ টা।
