আছু-AJYCP য়ে বিজেপিক ৱাক অ’ভাৰ দিছে নেকি?

Share This Article

আছু-AJYCP য়ে আঞ্চলিক শক্তি সমূহক একত্ৰিত নকৰি পৃথক পৃথক দল গঠনৰ জৰিয়তে সহায় কৰিব নেকি বিজেপি দলক? এই মন্তব্য আমাৰ নহয় কৃষক নেতা অখিল গগৈৰ। আজি সাংবাদিকৰ আগত কৃষক নেতা গৰাকীয়ে কয় যে সকলো জাতীয় তথা আঞ্চলিক শক্তি যদি এটা দল আৰু এখন পতাকাৰ তলত একগোট নহয় আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি জয় হোৱাটো প্ৰায় নিশ্চিত। পৃথকে পৃথকে দল গঠন কৰাৰ অৰ্থ বিজেপিক ৱাক অ’ভাৰ দিয়া হে হব বুলি মতপোষণ কৰে কৃষক নেতা জনে।

অখিল গগৈয়ে আৰু কয় যে ‘কা’ আন্দোলনত সফল হব নোৱাৰাৰ অন্যতম কাৰণ আছিল আঞ্চলিক শক্তি সমূহৰ মাজত থকা এই বিভাজন। এইদৰে দৰে বিভাজিত হৈ থাকিলে আগন্তুক বিধান সভাৰ নিৰ্বাচনটো আঞ্চলিক শক্তি পৰাজিত হোৱাটো নিশ্চিত। লগতে তেওঁ কয় যে বৰ্তমান যি সাম্প্ৰদায়িক ফেচিবাদ চলি আছে তাক প্ৰতিহত কৰিব পাৰিব কেৱল জাতীয়তাবাদী আঞ্চলিক শক্তিয়েহে।

উলেখযোগ্য যে কৃষক নেতা গৰাকীয়ে যোৱা কেইবাদিনো ধৰি আঞ্চলিক শক্তি সমূহক এখন পতাকা আৰু এটা দলীয় প্ৰতীকৰ তলত একেলগ হবলৈ আহ্বান কৰি আহিছিল। কিন্ত এই বিষয়ত সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পৰ্য্যন্ত কোনো স্পষ্ট মতামত নিদিয়াৰ পিছতে এই মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau