সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে প্ৰস্তাৱ NSCN ৰ

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ ভাষণত ২০১৫ চনত সাক্ষৰিত হোৱা নাগা ফ্ৰেমৱৰ্ক অগ্ৰিমেণ্টত থকা বহুখিনি তথ্য ৰাজহুৱা কৰি কয় যে ফ্ৰেময়ৰ্ক অগ্ৰিমেণ্টত কেন্দ্ৰীয় চৰকাৰে নগা সকলৰ সৰ্বভৌমত্তক স্বীকৃতি দিছে।

- Donation -

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মুইৱাহে জনায় যে ফ্ৰেময়ৰ্ক এগ্ৰিমেণ্টত নগা সকলে ভাৰতৰ লগত শান্তি পূৰ্ণ ‘সহাবস্থান’ ৰ কথা হে কোৱা হৈছে,ভাৰতৰ লগত ‘সংযুক্ত’ হোৱাৰ কথা নাই।

ইয়াৰ উপৰিও সংগঠনটোৱে পৃথক পতাকা আৰু সংবিধান অবিহনে নগা সমস্যাৰ সন্মানজনক সমাধান সম্ভৱ নহয় বুলিও জনাই।

উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত গৃহ মন্ত্ৰালয় আৰু NSCN-IM ৰ মাজৰ আলোচনাৰ সফল পৰিসমাপ্তি নোহোৱাৰ এটা অন্যতম কাৰণ আছিল NSCN-IM ৰ নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবী।

এনে এক পৰিপেক্ষিতত নগা সমস্যাৰ সমাধান আৰু নগা চুক্তি স্বাক্ষৰিত হোৱাৰ সমগ্ৰ বিষয়টো এক অনিশ্চয়তাৰ অৱৰ্তত সুমাই পৰিছে।

Leave A Reply

Your email address will not be published.