অধিকাৰ থাকিলেই নহ’ব, জানিবও লাগিব ইয়াৰ প্ৰয়োগ !

Share This Article

‘নজনাৰ দোষতে বহু সময়ত বিভিন্নজন লোক বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। যাৰ বাবেই প্ৰতিগৰাকী লোকে অন্ততঃ নিজৰ অধিকাৰখিনি জানিবলৈ কিছু অধ্যয়ন কৰা প্ৰয়োজন। কাৰণ, অধ্যয়ন অবিহনে সমাজৰ উত্তৰণ কেতিয়াও সম্ভৱ নহয়।’—- কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আজি কাজিৰঙাৰ কহঁৰাত আয়োজিত ‘মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ’ শীৰ্ষক আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এইদৰে কয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, বিভিন্ন আগশাৰীৰ বাতৰি কাকতৰ স্তম্ভ লেখক কিশোৰ কুমাৰ কলিতাই। কলিতাই ভাৰতলৈ মৌলিক অধিকাৰৰ প্ৰসংগ কিয় আহিবলগীয়া হ’ল সেই সম্বন্ধে ইতিহাস ব্যাখ্যা কৰাৰ সমান্তৰালভাৱে এগৰাকী নাগৰিকে সন্মান সহকাৰে জীয়াই থাকিবলৈ মৌলিক অধিকাৰ প্ৰয়োজনীয়তা কিমান সেই সম্বন্ধে বিস্তৃত বক্তব্য আগবঢ়ায়। তেখেতে মণিপুৰৰ উদাহৰণ দাঙি ধৰি ৰাষ্ট্ৰৰ জ্ঞাতসাৰেই যে মানুহৰ মৌলিক অধিকাৰ ভংগ হৈ আহিছে সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে কাজিৰঙাৰ কহঁৰাস্থিত পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি দিনজোৰাকৈ অনুষ্ঠিত হয় মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ’ শীৰ্ষক আলোচনা চক্ৰ। কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আদৰণি ভাষণ আগবঢ়াই কয় যে দেশৰ বিভিন্ন প্ৰান্তত জনগণৰ অজ্ঞানতাৰ সুযোগ লৈ ৰাষ্ট্ৰযন্ত্ৰৰ দ্বাৰাই মৌলিক অধিকাৰ ভংগৰ অঘোষিত প্ৰতিযোগিতা অব্যাহত আছে।এগৰাকী নাগৰিকে ভোগ কৰিবলগীয়া এই অধিকাৰসমূহৰ বিষয়ে উঠি অহা প্ৰজন্মক অৱগত কৰাৰ উদ্দেশ্যতে আজি আলোচনা চক্ৰখনি অনুষ্ঠিত কৰা হৈছে। এই আলোচনা চক্ৰৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন গৰাকী উপকৃত হোৱাৰ সম্ভাৱনা আছে বুলি কয় উদ্যোক্তাগৰাকীয়ে। পুৱা বোকাখাতৰ সহকাৰী আয়ুক্ত পৰিস্মিতা দিহিঙীয়া আৰু বোকাখাতৰ শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপে মুকলি কৰে আলোচনা চক্ৰখনি। মুকলি কৰি সহকাৰী আয়ুক্ত দিহিঙীয়াই কয় যে এগৰাকী নাগৰিকৰ বাবে মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। অধিকাৰখিনিয়ে নাগৰিকক সুস্থভাৱে জীৱন উপভোগ কৰাৰ ক্ষেত্ৰত সহায় কৰে। ইপিনে, শ্ৰম পৰিদৰ্শক ড° মনচুম কাশ্যপে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা মানৱ অধিকাৰৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা হয়।যাৰ বাবেই ১৯৪৮ চনৰ পৰা ১০ ডিচেম্বৰৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে উদযাপন কৰা হয়৷ আজিৰ তাৰিখতো মানৱ অধিকাৰক প্ৰাধান্য দি অহা হৈছে। জনগণ সচেতন হ’লেই মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰ সকলো পক্ষই উপভোগ কৰিব পাৰিব বুলিও তেখেতে কয়। অনুষ্ঠানত উদ্যোগী মহিলা ৰূপজ্যোতি শইকীয়া গগৈ, জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা, জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, সাংবাদিক বিতোপন মাজি, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি নীলপদ্ম শৰ্মা, কাজিৰঙা ৰাইজিং হাইস্কুলৰ প্ৰধান শিক্ষক দেৱাশীষ বৰুৱা, কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰা, শংকৰদেৱ শিশু নিকেতন, কাজিৰঙাৰ প্ৰধান আচাৰ্য ৰঞ্জন ৰাজখোৱা, বিমল শৰ্মা, দিগন্ত বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা সঞ্জীৱ দত্ত, মানৱ অধিকাৰ কৰ্মী মুকুল ফুকনে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আলোচনা চক্ৰখনিত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত উৎপল দলেই অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি অত্যন্ত উৎসাহজনক বক্তব্য আগবঢ়ায়৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত দাসে  মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ’ বিষয়ৰ প্ৰাথমিকৰ পৰা আৰম্ভ বিভিন্ন তথ্য অডিঅ’-ভিজুৱেল ৰূপত উপস্থাপন কৰে। বোকাখাত উকীল সন্থাৰ সভাপতি তথা অধিবক্তা জগত কলিতায়ো সমল ব্যক্তি হিচাপে উপস্থিত সাম্প্ৰতিক সময়ত বিভিন্ন ক্ষেত্ৰত সংঘটিত হোৱা মানৱ অধিকাৰ ভংগৰ ঘটনাসমূহৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়। কাজিৰঙা, বোকাখাত, কুঠৰী আদি এলেকাৰ অৰ্ধ শতাধিক অংশগ্ৰহণকাৰী উপস্থিত থকা অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, উদয় মুণ্ডা, ৰজামণি ৰবিদাস, সাংবাদিকতা আৰু গণ সংযোগ বিভাগৰ ছাত্ৰী পূজা গগৈ, যতীন কলিতাই বিভিন্ন প্ৰশ্ন শিতানত অংশগ্ৰহণ কৰে। আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰাৰ লগতে সমল ব্যক্তিসকলক কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.