সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অতীত হ’ব হাইকৰ্ট !

ইতিহাস হোৱাৰ দিশে গুৱাহাটী উচ্চ ন্যায়ালয় !আমিনগাঁৱত স্থাপন হ’ব জুডিচিয়েল চিটি ! ১০০ বিঘা ভূমিত নিৰ্মাণ হ’ব জুডিচিয়েল চিটি !২৩মে’ৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আইনী ক্ষেত্ৰখনৰ বহু ঘটনা প্ৰবাহৰ সাক্ষী গুৱাহাটী উচ্চ ন্যায়ালয় ইতিহাস হোৱাৰ দিশত।হয়তো কেইবছৰ মানৰ পাছত অতীত হ’বগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সুদৃশ্য ভৱন। কাৰণ আমিনগাঁৱত স্থাপন হ’ব নতুন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ তথা জুডিচিয়েল চিটি।ৰাজ্য চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত গ্ৰহণ কৰিছে সিদ্ধান্ত।উল্লেখ্য ১৯৩৭ চনৰ ১৪ ডিচেম্বৰত বিধানসভাৰ প্ৰস্তাৱ অনুসৰি শ্বিলঙত স্থাপিত অসম হাইক’ৰ্ট ১৯৪৮ চনত গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।পাছত ১৯৭২ চনত অসম হাইক’ৰ্টৰ নাম গুৱাহাটী হাইক’ৰ্ট হিচাপে সলনি কৰা হয়। যাৰ আছে এক বৰ্ণাঢ্য ইতিহাস। ইপিনে যোৱা ২৩ মে’ত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নতুন উচ্চ ন্যায়ালয় নিৰ্মাণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নতুন উচ্চ ন্যায়ালয় নিৰ্মাণৰ সমগ্ৰ বিষয়টো পৰ্যবেক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ’ব। এই কমিটীত সদস্য হিচাপে থাকিব মহাধিবক্তা,মুখ্য সচিব,এল আৰ,ন্যায়িক বিভাগ আৰু কামৰূপৰ উপায়ুক্ত।কমিটীৰ সদস্য সচিবৰ দায়িত্বত থাকিব লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কমিটীখনে আমিনগাঁৱৰ ৰংমহল এলেকাত থকা প্ৰস্তাৱিত ২৪০ বিঘা ভূমি পৰিদৰ্শন কৰিব। এই ভূমিৰ প্ৰায় ১০০ বিঘা ভূমি প্ৰয়োজন হ’ব নতুন উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে। ইফালে জুডিচিয়েল চিটিত থাকিব কামৰূপ মহানগৰ জিলা,কামৰূপ জিলাৰ সকলো ন্যায়িক আদালত।ন্যায়াধীশ,বিষয়া-কৰ্মচাৰীৰ আৱাসpইপিনে স্থান নিৰ্বাচন চূড়ান্ত হোৱাৰ পাছত এমাহৰ ভিতৰত কামৰূপ জিলাৰ উপায়ুক্তই ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব। একেসময়তে লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিবে ডি পি আৰ প্ৰস্তুতৰ বাবে নিবিদা আহ্বান কৰিব। কমিটীয়ে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিতে পৰ্যায়ক্ৰমে আগবঢ়াই নিয়া হ’ব প্ৰকল্পটো। এই সিদ্ধান্তও ২৩ মে’ৰ বৈঠকতে গ্ৰহণ কৰা হয়। উক্ত বৈঠকত উপস্থিত আছিল মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা,ন্যায়িক বিভাগৰ এল আৰ তথা আয়ুক্ত সচিব বিনোদ কুমাৰ ছেত্ৰী,লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী,কামৰূপৰ উপায়ুক্ত কীৰ্তি জল্লি,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ প্ৰধান সচিব কুন্তল শৰ্মা পাঠক,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অ’ এছ ডি অৰ্পণা অজিত চিয়াৰী আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰূপ দাস উপস্থিত থাকে। ইফালে ঋণত ককবকাই থকা ৰাজ্য চৰকাৰে নতুন উচ্চ ন্যায়ালয় নিৰ্মাণ কৰিবলৈ লোৱা সিদ্ধান্তই সকলোকে হতচকিত কৰি তুলিছে। উত্থাপন হৈছে প্ৰশ্ন—সঁচাকৈয়ে নতুন উচ্চ ন্যায়ালয় নিৰ্মাণৰ প্ৰয়োজন আছেনে ?

 

Leave A Reply

Your email address will not be published.