সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সঘনাই কঁপিছে পৃথিৱী,ত্ৰস্তমান বিশ্ব

আফগানিস্তানৰ উত্তৰ পূব সীমান্তত মঙলবাৰে অনুভূত হয় এক ভয়ংকৰ কম্পন।প্ৰায় ৬.৫ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অঞ্চল জোঁকাৰি যায়।এই কম্পন পাকিস্তানৰ বিভিন্ন প্ৰান্ততো অনুভূত হয়।এটা অট্টালিকাৰ পঞ্চম মহলাত বসবাস কৰা এগৰাকী মহিলাই কয় ‘ সঁচাকৈয়ে এইটো আছিল মোৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা।মই মোৰ জীৱনত কেতিয়াও এনে কম্পন দেখা পোৱা নাছিলোঁ।’পাকিস্তানৰ খাইবাৰ পাকটুনখা অঞ্চলতেই এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ খবৰ আহিছে।আফগানিস্তানত এতিয়ালৈকে ৩গৰাকী লোকৰ মৃত্যুৰ খবৰ আহিছে।লাঘমান প্ৰভিন্সত এটি শিশু নিহত হৈছে।পাকিস্তানত নববৰ্ষৰ কাৰ্যসূচী চলি থকাৰ বাবেই বহুবোৰ পৰিয়ালে মুকলি ঠাইত নববৰ্ষ উদযাপনত ব্যস্ত আছিল।পাকিস্তানৰ ফোন যোগাযোগ বিছিন্ন হৈছে আৰু স্বাত অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰত ভয়ংকৰ ভূমিস্খলন হোৱাৰ ফলত পথ যোগাযোগ ব্যাহত হৈছে।পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ইতিমধ্যে সকলো জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগক সাহাৰ্য আৰু সহযোগিতাৰ আহ্বান জনাইছে।মঙলবাৰৰ ভূমিকম্পটোৰ প্ৰাবল্য ইমানেই বেছি আছিল যে উজবেকিস্তান,তাজিকিস্তান,কাজাখাস্থান,কিৰ্গিস্থান,আফগানিস্তান,তুৰ্কেমেনিস্তান আদিতো ইয়াৰ জোকাৰণিৰ প্ৰাবল্য আছিল যথেষ্ট তীব্ৰ।আফগানিস্তানৰ পাকটিকা প্ৰভিন্সত বিগত বৰ্ষত ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ১০০০ লোকে প্ৰাণ হেৰুৱাইছিল।উল্লেখ্য যে বিগত মাহত তুৰস্ক আৰু ছিৰিয়াত ৮ প্ৰাবল্যৰ এক ভূমিকম্পই দুয়োখন দেশকেই তচনচ কৰিছিল৷প্ৰায় ৫০ হাজাৰৰো অধিক লোকে মৃত্যুক সাৱটিছিল।হাজাৰ হাজাৰ বৃহৎ অট্টালিকা,শ্বপিং মল আদি মুৰ্হুততে তচনচ হৈছিল।তুৰস্কৰ ভূমিকম্পৰ প্ৰায় এটা মাহ সম্পূৰ্ণ নহওঁতেই পুনৰ বিশ্বৰ এক বৃহৎ প্ৰান্ত কঁপাই যোৱাটোক সহজভাৱে লোৱা নাই ভূবিজ্ঞানীসকলে।মঙলবাৰে নিশা দিল্লীৰ লগতে সমগ্ৰ উত্তৰ ভাৰতত ৰিখটাৰ স্কেলত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।এই ভূমিকম্পৰ প্ৰাবল্য জম্মুতো যথেষ্ট তীব্ৰ আছিল।বৰ্তমানো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ম’বাইল যোগাযোগ বিছিন্ন হৈ আছে।

Leave A Reply

Your email address will not be published.