সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজৰ নাক কাটি বিৰোধীৰ যাত্ৰা ভংগ কৰিব আপে ?

আম আদমি পাৰ্টিয়ে বিৰোধী ঐক্যত নথকাটো এতিয়াও স্পষ্ট কৰা নাই যদিও কিন্তু কাৰ্যক্ষেত্ৰত দলটোৱে ঐক্যবদ্ধ বিৰোধীৰ পৰা কিছু দূৰত্ব বৰ্তাই ৰাখিছে। দলটোৰ শেহতীয়া কাৰ্যকলাপ চাই এনে লাগিছে যেন দলটোৱে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত কৰিয়েই পেলাইছে।দলটোৱে চলিত বৰ্ষৰ শেষত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ,ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।দলৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ছত্তীশগড়ত অলপতে এক নিৰ্বাচনী প্ৰচাৰত অংশ লৈ মুঠ ৬ টা প্ৰতিশ্ৰুতি প্ৰদান কৰে।দিল্লীত দিয়াৰ নিচিনাকৈ তেওঁ ছত্তীশগড়ত আপ দল ক্ষমতালৈ আহি বিনামূলীয়া সা সুবিধা আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে।বিলাসপুৰৰ এক সভাত অংশ লৈ কেজৰিৱালে কয় ‘ আমি বিনামূলীয়া বিদ্যুৎ যোগান ধৰিম।ধনী-দুখীয়া সকলোৰে সন্তানে যাতে একেলগে ভাল স্কুলত পঢ়াৰ সুবিধা পায়,তাৰবাবে দিল্লীৰ দৰে বিদ্যালয় খুলিম৷বিনামূলীয়া স্কুল আৰু ক্লিনিক ,বিনামূলীয়া বাছ,ধৰ্মীয় স্থানলৈ বিনামূলীয়া যাত্ৰা,নিয়োগৰ সুবিধা কৰা হ’ব।’কংগ্ৰেছ দলৰ চৰকাৰ থকা ছত্তীশগড়ত গৈ কেজৰিৱালে কয় যে ছত্তীশগড় কৃষি,বনাঞ্চল,নদী,খনিজ সম্পদৰ বাবে বিখ্যাত।কিন্তু ৰাজ্যখন কেৱল দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বাবে বিখ্যাত।দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ‘আপ চৰকাৰ দিল্লীলৈ অহাৰ আগত দিল্লীতো একেই দুৰ্নীতিয়েই চলিছিল।আনহাতে,আপে আগন্তুক মধ্য প্ৰদেশ নিৰ্বাচনতো মুঠ ২৩০ খন আসনত প্ৰতিন্দন্দ্বিতা কৰিব বুলি জনায় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
উল্লেখ্য যে আম আদমি পাৰ্টিয়ে বিগত বিধানসভাৰ নিৰ্বাচনত গুজৰাট,হিমাচল প্ৰদেশ,কৰ্ণাটকত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।গুজৰাটৰ নিৰ্বাচনত আপ দলে ৰাজ্যখনৰ মুঠ ১৮২ খন আসনৰ ১৮০ খনত প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল।কিন্তু জয়লাভ কৰিছিল মুঠ ৫ খন আসনত।২০২২চনত অনুষ্ঠিত হিমাচল প্ৰদেশৰ নিৰ্বাচনত মুঠ ৬৮ খন আসনৰ আটাইখনতে আপ দলে প্ৰতিন্দন্দ্বিতা আগবঢ়িইছিল।কিন্তু হিমাচল প্ৰদেশতো এখনো আসন লাভ কৰা নাছিল আপে।শেহতীয়াকৈ অসমতো আপে ১৪ খন আসনতে প্ৰতিন্দন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰিছিল।তদুপৰি আপৰ সভাপতি ভৱেন চৌধুৰীয়ে আপ অসমৰ ১১টা দলৰ বিৰোধী ঐক্যত নথকাতো নিশ্চিত কৰে।আপৰ শেহতীয়া বিৰোধী মিত্ৰজোঁটৰ বিপৰীতে গ্ৰহণ কৰা স্থিতিয়ে সাধাৰণ লোকৰ মনত নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে।প্ৰকৃততে ভোট ভাঙিবলৈহে আপে এই পদক্ষেপ লৈছে নেকি?মধ্যপ্ৰদেশ,ছত্তীশগড়,ৰাজস্থানৰ দৰে ৰাজ্যত কংগ্ৰেছ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ পিছতো কিয় আপ দলে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে তাত সন্দেহৰ গোন্ধ পাইছে কিছুসংখ্যক ৰাজনৈতিক বিশ্লেষকে।তদুপৰি হিমাচল,কৰ্ণাটক আৰু গুজৰাটত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছতো আপ দলে পুনৰ নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আঁৰত গোপন ৰহস্যৰ গোন্ধ পাইছে সচেতন মহলে।

Leave A Reply

Your email address will not be published.