সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হোৱা চতুৰ্দশ গ্ৰন্থমেলাখনি বৃহস্পতিবাৰে উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই । আঠদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা পতাকা উত্তোলন কৰে গ্ৰন্থমেলাৰ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । নগাঁও চহৰৰ কলঙৰ পাৰৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি মুকলি কুইজ,কবি সন্মিলন,লেখক-পাঠকৰ সৈতে ভাব বিনিময়,শিশুৰ অনুষ্ঠান,আলোচনা চক্ৰ,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব । শতাধিক গ্ৰন্থ বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশ লোৱা গ্ৰন্থমেলাত বহিঃৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰ বাংলাদেশৰ প্ৰকাশন গোষ্ঠীয়েও অংশগ্ৰহণ কৰিছে । বহু কেইখন নতুন গ্ৰন্থ উন্মোচন হ’বলগীয় এই গ্ৰন্থমেলাৰ সামৰণি পৰিব ২২ ডিচেম্বৰত ।

Leave A Reply

Your email address will not be published.