সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটী উচ্চ ন্যায়ালয়ক শলাগিলে সাংসদ মহুৱা মৈত্ৰই৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰত্ব পালে উচ্চ ন্যায়ালয়ৰ ৰায়ে ৷ ঘৰ কিয় ভাঙিব,
গুৱাহাটী উচ্চ ন্যায়ালয়ে উভতি ধৰিলে অসম চৰকাৰক৷ বুলডজাৰ লৈ ঘৰ ভঙাৰ মজা পালে চৰকাৰে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্য ন্যায়াধীশ আৰ এম চায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক ন্যায়ালয়ৰ পৰা বুলডজাৰ ব্যৱহাৰ সম্পৰ্কত স্পষ্টীকৰণ বিচাৰিছে ৷

- Donation -

নগাঁও জিলাৰ বটদ্ৰৱাত ৫ জন অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভঙাৰ বিষয়ত স্পষ্টীকৰণ বিচাৰিছে ন্যায়ালয়ে৷
বুলডজাৰেৰে ঘৰ ভঙা লোক সকল বটদ্ৰৱা আৰক্ষী চকীত অগ্নি সংযোগৰ ঘটনাৰ লগত জড়িত আছিল৷
বাৰ এণ্ড বেঞ্চ নামৰ পৰ্টেলটোৰ তথ্য অনুসৰি ,চৰকাৰী পক্ষৰ অধিবক্তাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে কিয় তেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সেই সম্পৰ্কে জনাইছিল৷
কিন্তু ন্যায়ালয়ে চৰকাৰী পক্ষৰ অধিবক্তাক ওলোটাকৈ প্ৰশ্ন কৰে “ আপুনি আমাক এনেকুৱা এখন অপৰাধীৰ
আইন দেখুৱাওক যিখনৰ জৰিয়তে কোনো নিৰ্দেশ হাতত নথকাকৈ কেনেকৈ এজন অপৰাধীৰ ঘৰ বুলডজাৰ লগাই ভাঙিব পাৰে?”
মুখ্য ন্যায়াধীশ জনে কয় “ তেওঁ এজন আৰক্ষী অধীক্ষক হ’ব পাৰে,তথাপিও কিন্তু তেওঁ আইনৰ গণ্ডীৰ ভিতৰত৷তেওঁ আৰক্ষী অধীক্ষক হ’ব পাৰে,সেইবুলিয়েই তেওঁ কাৰোবাৰ ঘৰ ভাঙি দিব নোৱাৰে৷এইখন দেশত এনেকুৱা ঘটনা সংঘটিত হৈ থাকিলে কোনেও নিৰাপত্তা নাপাব ৷”
বুলডজাৰেৰে অভিযুক্তৰ ঘৰ ভঙা বিষয়টো উল্লেখ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় “ মই মোৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কেৰিয়াৰৰ সময়ত কোনো দিনে এনেকুৱা কেচ পোৱা নাছিলোঁ৷কোনো আৰক্ষী অধীক্ষকে অপৰাধী বিচৰাৰ নামত অপৰাধীৰ ঘৰ বুলডজাৰেৰে ভঙাৰ কথা শুনা নাছিলোঁ৷”
হাঁহি হাঁহি মুখ্য ন্যায়াধীশে ক’লে “ আমি এনে কাহিনী হিন্দী চিনেমাতো দেখা নাছিলোঁ৷আপোনাৰ আৰক্ষী অধীক্ষকৰ এই কাহিনীটো চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত চেট্টিক দি দিয়ক ৷তেওঁ ভাল চিনেমা বনাব পাৰিব৷”

ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চায়াই কয় “ দেশত আইন কানুন বুলি কিবা এটা আছে৷আমি এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা৷সেয়ে আমি এটা সুস্থ পথ উলিয়াব লাগিব৷”

বিচাৰপীঠে লগতে কয় “ আৰক্ষী সঞ্চালক প্ৰধানক এই বিষয়টো জনাওক৷নহ’লে এই সমস্যাটোৰ সমাধান নহ’ব৷কাৰণ এনেকৈ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷”
অহা ১৩ ডিচেম্বৰত এই গোচৰৰ পৰবৰ্তী শুনানি অনুষ্ঠিত হ’ব৷

আনহাতে,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ৷
নিজৰ টুইটত তেওঁ লিখিছে “আপোনালোকে যেনেকৈ দেশ শাসন কৰিব বিচাৰিছে,তেনেকৈ দেশ নচলে৷

আপোনালোকে অভিযুক্তক বিচাৰক,শাস্তি দিয়ক কিন্তু কোনে তেওঁৰ ঘৰ বুলডজাৰেৰে ভঙাৰ অধিকাৰ দিলে?গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ যে বুলডজাৰ সংস্কৃতিক কোনো কাৰণতে গ্ৰহণীয় নহয় বুলি ক’লে৷”

Leave A Reply

Your email address will not be published.