গুৱাহাটী উচ্চ ন্যায়ালয়ক শলাগিলে সাংসদ মহুৱা মৈত্ৰই৷

Share This Article

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰত্ব পালে উচ্চ ন্যায়ালয়ৰ ৰায়ে ৷ ঘৰ কিয় ভাঙিব,
গুৱাহাটী উচ্চ ন্যায়ালয়ে উভতি ধৰিলে অসম চৰকাৰক৷ বুলডজাৰ লৈ ঘৰ ভঙাৰ মজা পালে চৰকাৰে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্য ন্যায়াধীশ আৰ এম চায়া আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াক ন্যায়ালয়ৰ পৰা বুলডজাৰ ব্যৱহাৰ সম্পৰ্কত স্পষ্টীকৰণ বিচাৰিছে ৷

নগাঁও জিলাৰ বটদ্ৰৱাত ৫ জন অভিযুক্তৰ ঘৰ বুলডজাৰেৰে ভঙাৰ বিষয়ত স্পষ্টীকৰণ বিচাৰিছে ন্যায়ালয়ে৷
বুলডজাৰেৰে ঘৰ ভঙা লোক সকল বটদ্ৰৱা আৰক্ষী চকীত অগ্নি সংযোগৰ ঘটনাৰ লগত জড়িত আছিল৷
বাৰ এণ্ড বেঞ্চ নামৰ পৰ্টেলটোৰ তথ্য অনুসৰি ,চৰকাৰী পক্ষৰ অধিবক্তাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে কিয় তেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে সেই সম্পৰ্কে জনাইছিল৷
কিন্তু ন্যায়ালয়ে চৰকাৰী পক্ষৰ অধিবক্তাক ওলোটাকৈ প্ৰশ্ন কৰে “ আপুনি আমাক এনেকুৱা এখন অপৰাধীৰ
আইন দেখুৱাওক যিখনৰ জৰিয়তে কোনো নিৰ্দেশ হাতত নথকাকৈ কেনেকৈ এজন অপৰাধীৰ ঘৰ বুলডজাৰ লগাই ভাঙিব পাৰে?”
মুখ্য ন্যায়াধীশ জনে কয় “ তেওঁ এজন আৰক্ষী অধীক্ষক হ’ব পাৰে,তথাপিও কিন্তু তেওঁ আইনৰ গণ্ডীৰ ভিতৰত৷তেওঁ আৰক্ষী অধীক্ষক হ’ব পাৰে,সেইবুলিয়েই তেওঁ কাৰোবাৰ ঘৰ ভাঙি দিব নোৱাৰে৷এইখন দেশত এনেকুৱা ঘটনা সংঘটিত হৈ থাকিলে কোনেও নিৰাপত্তা নাপাব ৷”
বুলডজাৰেৰে অভিযুক্তৰ ঘৰ ভঙা বিষয়টো উল্লেখ কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় “ মই মোৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কেৰিয়াৰৰ সময়ত কোনো দিনে এনেকুৱা কেচ পোৱা নাছিলোঁ৷কোনো আৰক্ষী অধীক্ষকে অপৰাধী বিচৰাৰ নামত অপৰাধীৰ ঘৰ বুলডজাৰেৰে ভঙাৰ কথা শুনা নাছিলোঁ৷”
হাঁহি হাঁহি মুখ্য ন্যায়াধীশে ক’লে “ আমি এনে কাহিনী হিন্দী চিনেমাতো দেখা নাছিলোঁ৷আপোনাৰ আৰক্ষী অধীক্ষকৰ এই কাহিনীটো চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত চেট্টিক দি দিয়ক ৷তেওঁ ভাল চিনেমা বনাব পাৰিব৷”

ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চায়াই কয় “ দেশত আইন কানুন বুলি কিবা এটা আছে৷আমি এখন গণতান্ত্ৰিক দেশৰ বাসিন্দা৷সেয়ে আমি এটা সুস্থ পথ উলিয়াব লাগিব৷”

বিচাৰপীঠে লগতে কয় “ আৰক্ষী সঞ্চালক প্ৰধানক এই বিষয়টো জনাওক৷নহ’লে এই সমস্যাটোৰ সমাধান নহ’ব৷কাৰণ এনেকৈ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷”
অহা ১৩ ডিচেম্বৰত এই গোচৰৰ পৰবৰ্তী শুনানি অনুষ্ঠিত হ’ব৷

আনহাতে,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ৷
নিজৰ টুইটত তেওঁ লিখিছে “আপোনালোকে যেনেকৈ দেশ শাসন কৰিব বিচাৰিছে,তেনেকৈ দেশ নচলে৷

আপোনালোকে অভিযুক্তক বিচাৰক,শাস্তি দিয়ক কিন্তু কোনে তেওঁৰ ঘৰ বুলডজাৰেৰে ভঙাৰ অধিকাৰ দিলে?গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ যে বুলডজাৰ সংস্কৃতিক কোনো কাৰণতে গ্ৰহণীয় নহয় বুলি ক’লে৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.