আৰু বহু আদিত্যনাথ আহি আছে

Share This Article

২০১৭ চন ৷উত্তৰ প্ৰদেশত অভাৱনীয় সফলতা লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ল মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ৷ নৰেন্দ্ৰ মোদীৰ শেষ বিচাৰত উঠিল যোগী আদিত্যনাথৰ নাম ৷ চৰ্চা চলিল প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিছে নেকি ? সেই সময়ত কাকতত প্ৰকাশ পালে এটা বিশেষ কাৰ্টুন ৷ য’ত দেখা গ’ল দেশৰ বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানিয়ে মোদীক পৰামৰ্শ দি আছে – ‘এই ভুল দুনাই নকৰিবা , যি ভুল মই তোমাক নিৰ্বাচন কৰি কৰিলো ৷’  আদৱানিক অতিক্ৰমী মোদী হৈ পৰিছিল দলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷ কাৰ্যকালৰ শেষলৈ যোগীয়েও আত্মপ্ৰকাশ কৰিলে মোদীৰেই প্ৰতিদ্বন্দীৰ ৰূপত ৷যোগী আদিত্যানাথৰ পাখি কাটিবলৈ নৰেন্দ্ৰ মোদীৰে গুজৰাটৰ তেওৰ ঘণিষ্ঠ বিষয়া এ কে শৰ্মাক উত্তৰ প্ৰদেশৰ বিধান  পৰিষদলৈ নিৰ্বাচিত কৰালে ৷ এ কে শৰ্মাক  উপ – মুখ্যমন্ত্ৰীত্ব দিয়াৰ আৰ্জি পেছ কৰিলে ৷ কিন্তু যোগীয়ে নামানেহে নামানে ৷ আৰ এছ এছৰ শীৰ্ষ নেতৃত্বই বুজালে ৷ যোগীয়ে তাৰ পাছতো নামানে ৷ অৱশেষত যোগীৰ কথাই চূড়ান্ত হ’ল ৷ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হ’ল বিজেপি ৷ দলৰ মাজত যে মতভেদ নাই , তাক প্ৰমান কৰিবলৈ যোগীৰ কান্ধত হাত থৈ প্ৰথমবাৰৰ বাবে ফটো ছেচন কৰিবলগীয়া হ’ল নৰেন্দ্ৰ মোদীয়ে ৷ নিৰ্বাচনী সভাত বাৰে বাৰে ক’বলগীয়া হ’ল- আয়েগা তো যোগী হী৷ কাৰণ , ইতিমধ্যে হিন্দুৰ হৃদয় সম্ৰাট হৈ উঠিছিল যোগী আদিত্যনাথ ৷

 

সেইগৰাকী যোগী আদিত্যনাথ প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ১৯৯৮ চনত ৷গোৰখপুৰ সমষ্টিৰ পৰা ৷ তাৰ পাছত গোৰখপুৰত তেও আৰু পৰাজয়ৰ মুখ দেখা নাই ৷ ২০১৭ চনত যেতিয়া বিজেপিয়ে অকলেই উত্তৰ প্ৰদেশত ৩১২ খন আসন লাভ কৰিলে , নেতৃত্বৰ সন্মুখত আহি পৰিল ধৰ্মসংকট ৷ এই সংকট মোচনৰ দায়িত্ব দিয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ মোদীৰ ওচৰত আন কোনো বিকল্প নাছিল যোগীৰ বাহিৰে ৷ কাৰণ তেও প্ৰত্যক্ষভাৱে ভোটাৰসকল হিন্দু – মুছলমানৰ নামত বিভাজিত হোৱাটো বিচাৰছিল ৷ যি কাম উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ হ’লে অতি সহজ হয় আৰু সেই কামত অতি দক্ষ হিচাপে চিহ্নিত হ’ল যোগী আদিত্যনাথ ৷ ২০১৭ চনৰ মাৰ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে তেও নিজৰ দায়িত্ব পালনত হাতে কামে লাগি গ’ল ৷ গো – হত্যা নিষিদ্ধ কৰা , এন্টি ৰোমিও স্কোৱাড গঠন কৰা , এটা পাছত আন এটা এনকাউন্টাৰেৰে তেও স্বাধীনোত্তৰ ভাৰতত এটা নতুন শাসন প্ৰণালী আৰম্ভ কৰিলে ৷

 

যোগী কিন্তু জন্মৰে পৰা যোগী নাছিল ৷ তেওৰ নাম আছিল অজয় মোহন বিছাট ৷ জন্ম ১৯৭২ চনত , বন বিষয়া এজনৰ পৰিয়ালত ৷ গণিত বিষয়ৰ স্নাতক ৷ পঢ়ি থাকোতেই আৰ এছ এছৰ সান্নিধ্যলৈ আহে ৷ তেতিয়াই তেও লগ পায় গোৰখপুৰ মঠৰ সন্ত মহন্ত আদিত্যনাথক ৷ গোৰখপুৰ মঠ অৱস্থিত পূৱ উত্তৰ প্ৰদেশত ৷ এই মঠেই ৪৪ টা অনুষ্ঠান পৰিচালনা কৰে ৷ মন্দিৰ , হাস্পতাল , স্কুল আদি ৷ ১৯৯৪ চনত সন্যাস লৈ অজয় মোহন হৈ পৰিল যোগী আদিত্যানাথ ৷ ২৪ বছৰ বয়সত গোৰখপুৰ মঠৰ সন্যাসী হোৱা যোগী আদিত্যনাথ ২০১৪ চনত মঠৰ মুখ্য পুৰোহিতৰ আসনত অধিষ্ঠিত হয় ৷মহন্ত আদিত্যনাথৰ মৃত্যুৰ পাছত ৷তাৰ মাজতে তেও ২০০২ চনত গঠন কৰে হিন্দু যুৱ বাহিনী ৷ হিন্দুত্বক প্ৰতিষ্ঠা কৰিবলৈ গঠন কৰা এই বাহিনীক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে যোগী আদিত্যনাথে৷  ২০০২ চনত যেতিয়া গোৰখপুৰত বিজেপিয়ে যোগীৰ পছন্দৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে , আদিত্যনাথে হিন্দু যুৱ বাহিনীৰ সমৰ্থনত নিজৰ প্ৰাৰ্থী থিয় কৰালে ৷ নিৰ্বাচনত আদিত্যনাথৰ প্ৰাৰ্থীয়েই বিজয়ী হ’ল ৷ মুছলমানৰ বিৰুদ্ধে ঘৃণা উদ্দীপক ভাষণ দিয়াত কেতিয়াও ইতস্বত: কৰা নাই যোগী আদিত্যনাথে ৷ ২০০৭ চনত আজমগড়ত তেও ৰাজহুৱাভাৱে কৈছিল –‘ সিহঁতে (মুছলমানে ) যদি এজনী হিন্দু যুৱতীক হত্যা কৰে , আমি সিহঁতৰ ১০০ জনক হত্যা কৰিম ৷’ মুছলমানৰ বিৰুদ্ধে ধাৰাবাহিক ঘৃণাৰ উদ্গীৰণ কৰা , তৃতীয় লিংগৰ মুকলি বিৰোধিতা কৰা , মহিলাৰ সংৰক্ষণক পোনচাটেই নাকচ কৰা যোগী আদিত্যনাথকেই ২০১৭ চনত দেশৰ বৃহত্তম ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে  বাছনি কৰিলে নৰেন্দ্ৰ মোদীয়ে ৷ তাৰ পাছৰচোৱাৰ উল্লেখ নিষ্প্ৰয়োজন ৷ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে কোনো প্ৰশাসনিক অভিজ্ঞতা নথকা যোগীয়ে উত্তৰ প্ৰদেশত সূচনা কৰিলে এক নতুন প্ৰশাসনৰ ৷

এনকাউন্টাৰ , প্ৰতিবাদকাৰীক জৰিমনা , এন এছ এৰ অধীনত গ্ৰেপ্তাৰ আদি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হ’ল উত্তৰ প্ৰদেশত ৷ বিৰোধীৰ অভিযোগ – এটা বিশেষ সম্প্ৰদায়কল লক্ষ্য কৰি এই আক্ৰমণ নমাই অনা হৈছে ৷ এই কথা স্বীকাৰ কৰিবলৈও যোগীয়ে কুণ্ঠাবোধ নকৰে ৷ শেষলৈ মুকলিকৈ কৈয়েই দিলে যে এইবাৰৰ নিৰ্বাচন সংখ্যাগৰিষ্ঠ অৰ্থাৎ ৮০ শতাংশ আৰু সংখ্যালঘু অৰ্থাৎ ২০ শতাংশৰ মাজত অনুষ্ঠিত হ’ব ৷ সাম্প্ৰদায়িকতাৰ মুকলি পৃষ্ঠপোষকতা কৰা যোগীয়েই আকৌ এবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল ৷ভাৰতবাসীয়ে কাহানিও নেদেখা , কল্পনা নকৰা এক শাসন তন্ত্ৰ প্ৰতিষ্ঠা কৰা যোগী আদিত্যনাথকেই আকৌ এবাৰ বিচাৰিলে উত্তৰ প্ৰদেশৰ জনতাই ৷ যদি এনেদৰেই জনপ্ৰিয় হ’ব পাৰি , যদি ঘৃণাৰ উদ্গীৰণেই নিৰ্বাচন জিকাৰ পোনপটীয়া পথ হয় , তেনেহ’লে ভাৰতৰ ৰাজ্যই ৰাজ্যই যে আৰু বহু যোগী আদিত্যনাথৰ জন্ম হ’ব , সেয়া নিশ্চিত ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.