Investigative reporting with dedication.

কেন্দ্ৰীয় চৰকাৰৰ নতুন আদেশ অনুসৰি ক’ৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা সকলোৱে কোভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। বৃদ্ধ বা আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা লোকহে কৰিব লাগিব কোভিড পৰীক্ষা। বিশেষকৈ উচ্চ ৰক্তচাপ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ, মেদবহুলতা আদি ৰোগত ভোগী থকা ৰোগীয়েহে কভিড ৰোগীৰ সংস্পৰ্শলৈ আহিলে কৰিব লাগিব পৰীক্ষা।
এইসকল লোকে কৰিব নালাগে কোভিড পৰীক্ষা-
১) সামূহিক স্থানত বাস কৰা লক্ষণ নোহোৱা লোকে।
২) কৰোনা সংক্ৰমণ ৰোগীৰ সংস্পৰ্শলৈ অহা লোক (যদিহে তেওঁলোকৰ পূৰ্বৰে পৰা ডাঙৰ বা গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থকা নাই)
৩) যিসকল ব্যক্তিৰ হোম আইছোলেশ্যন সম্পূৰ্ণ হৈছে ৷
৪) চিকিৎসালয়ৰ ডিচচাৰ্জ নীতিৰ আধাৰত কোভিড-১৯ কেন্দ্ৰৰ পৰা অব্যাহতি দিয়া ব্যক্তিসকলে।
৫) এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ভ্ৰমণ কৰা লোকসকলে।
এইসকল লোকৰ পৰীক্ষা কৰা হ’ব –
১) লক্ষণ থকা ৰোগী (জ্বৰ, কাঁহ, ডিঙিৰ বিষ, সোৱাদ বা গোন্ধৰ অভাৱ, উশাহ লোৱাত অসুবিধা ইত্যাদি)
২) কৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ, যিসকলৰ পূৰ্বৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে।
৩)আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ আৰু
৪) ভাৰতীয় বিমানবন্দৰত, অন্যান্য দেশৰ পৰা অহা বিদেশী যাত্ৰীসকলৰ ৷




