সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডিমা হাচাওত কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা?

কেৱল আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত ইজনৰ পাছত সিজন অসমীয়া যুৱক এনকাউণ্টাৰৰ সন্মুখীন হৈছে ৷ আৰক্ষীৰ গুলীত আহত হৈছে বহু অসমীয়া যুৱক ৷ কিন্তু কঠোৰতাৰ পৰিচয় দিয়া এইখন চৰকাৰৰ দিনত এজন চাৰ্জশ্বীটেড অভিযুক্তই ৰাজভোগ কৰি থকাৰ সুবিধা লাভ কৰিছে ৷ কেৱল সেয়াই নহয়, একেজন অভিযুক্তক আকৌ এবাৰ ৰাজপাটত অধিষ্ঠিত কৰিবলৈ উবুৰি খাই পৰিছে বিজেপিৰ নেতা–মন্ত্ৰী ৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এই স্ব-বিৰোধী স্থিতি আকৌ এবাৰ স্পষ্ট হৈ পৰিছে ডিমা হাচাওত ৷

আকৌ এবাৰ দেবোলালক ডিমা হাচাও গতাবলৈ তৎপৰ বিজেপি

- Donation -

ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা ৷ ২০১৬ চনত ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদ বিজেপিয়ে দখল কৰাৰ পাছত দেবোলাল গাৰ্লোচাক দিয়া হয় মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব ৷ কিয় বিজেপি নেতৃত্বৰ বাচনিত উঠিল এইগৰাকী দেবোলাল গাৰ্লোচা ? সেয়া আজিও ডিমা হাচাওৰ জনতাৰ বাবে এক চৰ্চাৰ বিষয় ৷ কিয়নো ডিমা হাচাওত দেবোলাল গাৰ্লোচা একালৰ এগৰাকী পৰিচিত দুৰ্ধৰ্ষ উগ্ৰপন্থী ৷ যাৰ সন্ত্ৰাসত এসময়ত ডিমা হাচাওৰ জনতা শুব পৰা নাছিল ৷ কেৱল সেয়াই নহয়, পাঁচটাকৈ গোচৰত দেবোলাল গাৰ্লোচাৰ বিৰুদ্ধে আদালতত দাখিল কৰিছে চাৰ্জশ্বীট ৷ কিন্তু তাৰ পাছতো ডিমা হাচাওত সুৰক্ষিত হৈ আছে দেবোলাল গাৰ্লোচাৰ চকী ৷

দেবোলালৰ বিৰুদ্ধে আৰক্ষী কনিষ্টবলক হত্যাৰ গোচৰ

দেবোলাল গাৰ্লোচা আৰু তেওঁৰ সহযোগীসকলে গুলীয়াই হত্যা কৰিছিল আৰক্ষী কনিষ্টবল হাবিবুৰ ৰহমানক ৷ তাৰ পাছত হাবিবুৰ ৰহমানৰ হাতত থকা আগ্নেয়াস্ত্ৰ কাঢ়ি পলায়ন কৰিছিল ৷ তদন্তকাৰী বিষয়াই আদালতত এইদৰেই দাখিল কৰিছিল চাৰ্জশ্বীট ৷ দিয়ানমুখ থানাৰ ৭/২০০৮ নং গোচৰৰ চাৰ্জশ্বীটত স্পষ্টভাৱে উল্লেখ আছে এইদৰে –
‘২০০৭ চনৰ ২৭ ফেব্ৰুৱাৰীত দিনৰ ৪ টা মান বজাত ডেভিড কেম্প্ৰাই , আথান হাফিলা , ডাকু সিং, দেবোলাল গাৰ্লোচা , মৌৰাং ডিমাচাই ভদ্ৰমনি লাংথাচা , প্ৰফুল্ল ফাংলো আৰু ৰাজেন্দ্ৰ ডাউলাগাপুৰ সহযোগত কনিষ্টবল হাবিবুৰ ৰহমানক গুলীয়াই হত্যা কৰিছিল আৰু তেওৰ হাতত থকা গুলীভৰ্তি কাৰ্বাইনটো লুট কৰি লৈ যায় ৷
তদন্তকালীন আচামী ডেভিড কেম্প্ৰাই , আথান হাফিলা , দেবোলাল গাৰ্লোচা আৰু মৌৰাং ডিমাচাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(b),121,121(A),323,396 আৰু 427 ধাৰাত, অস্ত্ৰ আইনৰ ২৭ ধাৰাত আৰু বিস্ফোৰক আইনৰ ৬ ধাৰাত যথেষ্ট সাক্ষ্য প্ৰমাণ থকাত মহামান্য আদালতত বিচাৰৰ সন্মুখীন হ’বলৈ এই অভিযোগ পত্ৰ দাখিল কৰিলো ৷’
এইদৰেই সাক্ষ্য-প্ৰমাণ সহ আদালতৰ দ্বাৰস্থ হৈছে অসম আৰক্ষী ৷ তাৰ পাছত সেই একেজন দেবোলাল গাৰ্লোচাক বিজেপি দলে বহুৱাইছে ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদত ৷

দেবোলালৰ বিৰুদ্ধে মুখ্য কাৰ্যবাহী সদস্যক হত্যাৰ অভিযোগ

উত্তৰ কাছাৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাচা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক হত্যাৰ অভিযোগতো অভিযুক্ত দেবোলাল গাৰ্লোচা ৷ পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাৰ হত্যা সন্দৰ্ভত বেহাংগী থানাৰ ২/২০০৮ নং গোচৰত দেবোলাল গাৰ্লোচাৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ কৰিছে এইদৰে –
‘তদন্তৰ সামৰণিত মিপুট ৰাইজুং , ডেভিড কেম্প্ৰাই , দেবোলাল গাৰ্লোচা , আথান হাফিলা , ডাকু সিং , মিহিৰ বৰ্মন আদিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 120(B) ,121,121(a),302,387 ধাৰাত সাক্ষ্য প্ৰমাণ পোৱা গৈছে ৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগেও মোকৰ্দমা চলাবলৈ অনুমতি প্ৰদান কৰিছে ৷’

২০২০ চনত অসম চৰকাৰৰ গৃহ বিভাগে অনুমতি দিয়াৰ পাছত দেবোলাল গাৰ্লোচাৰ বিৰুদ্ধে এতিয়াও গোচৰ চলিয়েই আছে ৷ তাৰ পাছতো মুখ্য কাৰ্যবাহী সদস্যৰ চকীত সুকলমে বাহাল তবিয়তে আছে দেবোলাল গাৰ্লোচা ৷

দেবোলালৰ বিৰুদ্ধে ট্ৰাক জ্বলোৱা-হেণ্ডিমেনক হত্যাৰ গোচৰ

ট্ৰাক জ্বলোৱা আৰু হেণ্ডিমেনক হত্যা কৰা সন্দৰ্ভত ডিয়ানমুখ থানাত ৰুজু হোৱা ২৮/২০০৮ নং গোচৰৰ চাৰ্জশ্বীটতো জিলিকি আছে দেবোলাল গাৰ্লোচাৰ নাম ৷ এইখন চাৰ্জশ্বীটত লিখা হৈছে এইদৰে –
‘২০০৭ চনৰ ২০ জানুৱাৰীৰ পুৱা ১০ বজাত মিপুট ৰাজিয়ুং, জিতেন ফাংলো, টংকৰাম চাপাই, দৰমাং চিংথন, মাৰ্টিন ষ্টাৰ, ৱালছন টেৰণ, বিমল হানচে, সঞ্জীৱ যোশী, মনোজ নাইডিং আৰু দেবোলাল গাৰ্লোচাই ছখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰিছিল আৰু হেণ্ডিমেনক হত্যা কৰিছিল ৷ এই ঘটনাত দেবোলাল গাৰ্লোচা আৰু মিপুট ৰাইজুঙ জড়িত থকাৰ সকলো প্ৰমান লাভ কৰা গৈছে ৷’
এইজনেই হ’ল ডিমা হাচাওত বিভীষিকাৰ সৃষ্টি কৰা দেবোলাল গাৰ্লোচা ৷ তেওঁকেই ডিমাহাচাও স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দায়িত্ব দিছে বিজেপি দলে ৷ দেবোলাল গাৰ্লোচাক আকৌ এবাৰ ডিমা হাচাওৰ দায়িত্ব দিবলৈ উঠি পৰি লাগিছে বিজেপি দল ৷ সেইবাবেই প্ৰশ্ন উঠিছে – কাৰ বাবে অপৰিহাৰ্য হৈ পৰিছে দেবোলাল গাৰ্লোচা ? ডিমাহাচাওৰ ৰাইজৰ মাজত এতিয়া চৰ্চা চলিছে – পাহাৰীয়া জিলাখনৰ বুকুত সোমাই থকা শিল আৰু কয়লাৰ বিশাল ভাণ্ডাৰৰ বাবেই দেবোলালক শাসনত বহুৱাবলৈ তৎপৰ হৈ পৰিছে নেকি বিজেপিৰ ক্ষমতাশালী মন্ত্ৰী আৰু বহু বিতৰ্কিত ব্যৱসায়ীৰ এটা চক্ৰ? ডিমা হাচাও স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন যিমানেই চমু চাপি আহিছে, সিমানেই এই প্ৰশ্নবোৰেও চৰ্চা লাভ কৰিবলৈ ধৰিছে ৷ সন্দেহৰ ভিত্তিত অসমীয়া যুৱকক এনকাউণ্টাৰ কৰা আৰু সেই এনকাউণ্টাৰক ন্যায্যতা দিয়া বিজেপি চৰকাৰে এজন চাৰ্জশ্বীটেড অভিযুক্তক ৰাজপাটত বহুৱাবলৈ দেখুওৱা তৎপৰতাই আৰু অনেক প্ৰশ্ন অসমবাসীৰ সন্মুখত দাঙি ধৰিছে ৷ এইক্ষেত্ৰত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হ’ব লক্ষ্যণীয়।
Leave A Reply

Your email address will not be published.