সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?

অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপেও নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিলে লাভলীনাই ৷ বৰপথাৰৰ বোকাময় বাটেৰে অলিম্পিকৰ আটাইতকৈ সুশোভিত মঞ্চলৈ লাভলীনাৰ এই যাত্ৰাপথত নাছিল ফুলৰ দলিচা ৷ আছিল অসহনীয় অভাৱ আৰু কষ্টকৰ জীৱন সংগ্ৰাম ৷ কিন্তু তাৰ পাছতো একাগ্ৰতা আৰু অনমনীয় দৃঢ়তাৰে নতুন ইতিহাস ৰচনা কৰিলে লাভলীনাই ৷ বুধবাৰে বহু প্ৰতিক্ষীত ছেমি ফাইনেলত তুৰ্কীজ বক্সাৰ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাস্ত হ’ল লাভলীনা ৷ কিন্তু কোন এই বুছেনাজ ছুৰমেনেলী ?

বুছেনাজ ছুৰমেনেলী –এগৰাকী মিডল ৱেইট বক্সাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা তুৰ্কীজ বক্সাৰ ছুৰমেনেলীয়ে ২০১৯ চনৰ পৰা ৱেল্টাৰৱেইট কেটেগ’ৰীত খেলিবলৈ লয় ৷অৰ্থাৎ আগতকৈ কম ওজনৰ কেটেগ’ৰীত খেলিবলৈ আৰম্ভ কৰে ৷ তাৰ পাছৰে পৰা তেওৰ প্ৰদৰ্শনলৈও অভাৱনীয় সফলতা আহি পৰে ৷ ২০১৯ চনত বুছেনাজ ছুৰমেনেলীয়ে ৱৰ্ল্ড ছেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় ৷পূৰ্বতকৈ কম ওজনৰ কেটেগ’ৰীত খেলিবলৈ লোৱাৰ পাছৰে পৰা বুছেনাজে মুঠ পাঁচটাকৈ আন্ত:ৰাষ্ট্ৰীয় পদক লাভ কৰিছে ৷ ইয়াৰে পাঁচটাই হ’ল সোণৰ পদক ৷ ২০১৯ চনৰ ৱৰ্ল্ড ছেম্পিয়নশ্বিপৰ ফাইনেলত বুছেনাজে পৰাজিত কৰিছিল চীনৰ বক্সাৰ য়াঙ লিউক ৷ সেই একেখন টুৰ্ণামেন্টত অসমৰ লাভলীনাই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷ ছেমিফাইনেলত লাভলীনা পৰাজিত হৈছিল চীনৰ বক্সাৰগৰাকীৰ বিৰুদ্ধে আৰু ফাইনেলত চীনৰ বক্সাৰগৰাকীৰ বিৰুদ্ধেই জয়লাভ কৰি স্বৰ্ণপদক জয় কৰিছিল তুৰ্কীৰ বক্সাৰ বুছানাজে ৷অলিম্পিকৰ প্ৰস্তুতি চলি থকাৰ মাজতে বুছেনাজৰ মাতৃ আক্ৰান্ত হয় কোভিডত ৷ মাতৃৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হোৱাত বুছেনাজৰ খেলক লৈও অনিশ্চয়তাৰ সৃষ্টি হয় ৷ কিন্তু তাৰ পাছতো তেও টকিঅ’ৰ বক্সিঙ ৰিঙত অৱতীৰ্ণ হৈ পোলেণ্ড আৰু ইউক্ৰেইনৰ প্ৰতিদ্বন্দীক পৰাজিত কৰি ৬৯ কেজি শাখাত ছেমিফাইনেলত প্ৰৱেশ কৰে ৷বুধবাৰে ছেমিফাইনেলত তুৰ্কীৰ বক্সাৰগৰাকী মুখামুখি হয় অসম কন্যা লাভলীনাৰ ৷ মেচৰ আৰম্ভণিৰ পৰাই দমনীয় প্ৰদৰ্শন কৰা বুছেনাজ ছুৰমেনেলীয়ে ৫-০ ৰ ব্যৱধানত লাভলীনাৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ৷ ইয়াৰ লগে লগে ১৯৯৮ চনৰ ২৫ মে’ত জন্ম লাভ কৰা তুৰ্কীৰ বক্সাৰগৰাকী ফাইনেলত প্ৰৱেশ কৰে আৰু ব্ৰঞ্জতে ক্ষান্ত থাকিবলগীয়া হয় লাভলীনা ৷ ছেমিফাইনেলত পৰাজিত হ’লেও বিশ্বৰ প্ৰথম স্থানৰ বক্সাৰ বুছেনাজ ছুৰমেনেলীৰ বিৰুদ্ধে অলিম্পিকৰ ৰিঙত খেলাৰ অভিজ্ঞতাই লাভলীনাক নিশ্চিভাৱে সমৃদ্ধ কৰিছে ৷ এই অভিজ্ঞতা  অহা দিনবোৰত লাভলীনাৰ স্বৰ্ণজয়ৰ অনুপ্ৰেৰণা  হ’ব বুলি আশা কৰিব পাৰি ৷

Leave A Reply

Your email address will not be published.