প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

Share This Article

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি থকা এই ভোটগ্ৰহণত মূল প্ৰতিদ্বন্দ্বিতা হ’ব অখিলেখ যাদৱ আৰু যোগী আদিত্যনাথৰ দলৰ মাজত। ভোটগ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে ”উত্তৰ প্ৰদেশ বিধনসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰতিগৰাকী ভোটাৰকে ক’ভিড নীতি মানি ভোটদান কৰিবলৈ মই আহ্বান জনাইছো। মনত ৰাখিব প্ৰথমে ভোটদান পিছত জলপান”।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.