অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

Share This Article

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, ভগৱান কৃষ্ণ প্ৰতি নিশা তেওঁৰ সপোনলৈ আহি সমাজবাদী পাৰ্টীয়েই এইবাৰ চৰকাৰ গঠন কৰিব বুলি কৈছে ৷ সমাজবাদী পাৰ্টীত যোগদান কৰা মাধুৰী বৰ্মা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত বিধায়ক আছিল । তেওঁ ২০১০ চনৰ পৰা ২০১২ চনলৈ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰো সদস্য আছিল। বাহৰাইচ জিলাৰ নানপাৰা বিধানসভা আসনৰ বৰ্তমানৰ বিজেপি বিধায়কজনক নিজৰ দলত অন্তৰ্ভুক্ত কৰাৰ পাছত উৎফুল্লিত হৈ অখিলেশ যাদৱে দৃঢ়তাৰে কয় যে তেওঁৱেই উত্তৰ প্ৰদেশত এইবাৰ চৰকাৰ গঠন কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.