Investigative reporting with dedication.

কিছুদিনৰ পূৰ্বে যোগী আদিত্যনাথে উত্তৰ প্ৰদেশৰ নিৰ্বাচন সন্দৰ্ভত কয় যে, এইবাৰ প্ৰতিদ্বন্দিতা ৮০ বনাম ২০ হব। কিন্তু তাৰ কেইদিনমানৰ পাছতেই উত্তৰ প্ৰদেশৰ ৰাজনীতিত সলনি হয় প্ৰেক্ষাপট। বিজেপিৰ মন্ত্ৰী-বিধায়কে ত্যাগ কৰে দল। মঙলবাৰে স্বামী প্ৰসাদ মৌৰ্যই যোগী আদিত্যনাথ চৰকাৰৰ পৰা পদত্যাগ কৰে। আজি বিজেপী নেতাগৰাকীয়ে সমাজবাদী পাৰ্টিত যোগদান কৰে। তেওঁৰ লগতে আৰু ১০ জন নেতাই সমাজবাদী পাৰ্টিত যোগদান কৰে।
সমাজবাদী পাৰ্টীত যোগদান কৰিয়েই মৌৰ্যই যোগী আদিত্যনাথক কটাক্ষ কৰি কয় যে, “আপুনি কয় ৮০ আৰু ২০ প্ৰতিদ্বন্দিতা কথা। মই কওঁ ৮০-২০ ৰ নহয়। এতিয়া ১৫ আৰু ৮৫ হ’ব প্ৰতিদ্বন্দিতা। ৮৫ শতাংশ সমৰ্থন আমাৰেই, বাকী ১৫ শতাংশৰো হব ভাগ-বতৰা।”




