U.P.ম্যে কা বা-ৰ স্ৰষ্টালৈ জাননী

এগৰাকী গায়িকালৈ আৰক্ষীৰ জাননী৷কা বা ছিজন টু মুক্তি দি বিপদত জনপ্ৰিয় গায়িকা নেহা ৰাথোৰ।আৰক্ষীৰ মতে কা বা ছিজন টু গীতটিৰ জৰিয়তে নেহা ৰাথোৰে সমাজত অশান্তি আৰু অসূয়া বিয়পাইছে।আৰক্ষীৰ জাননীত মুঠ ৭ টা প্ৰশ্নৰ উত্তৰ দিবলৈ নেহাক নিৰ্দেশ দিয়া হৈছে৷৩ দিনৰ ভিতৰত উত্তৰ দিব লাগিব নেহাই।আৰক্ষীৰ মতে যদি উত্তৰবোৰ আৰক্ষীৰ মনঃপুত নহয় তেন্তে গায়িকা গৰাকীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।
নেহালৈ আৰক্ষীয়ে পঠিওৱা প্ৰশ্নবোৰ এনেধৰণৰ-
১) আপুনি নিজেই ভিডিঅ’টোত আছিল নে?
২)যদি আপুনি নিজেই ভিডিঅ’টোত আছিল,তেন্তে আপুনি নিজেই ভিডিঅ’টো আপলোড কৰিছিল নে?আপোনাৰ টুইটাৰ একাউণ্টত আপুনি নিজেই আপলোড কৰিছিল নে?
৩) নেহা সিং ৰাথোড় চেনেল আৰু টুইটাৰ একাউণ্ট আপোনাৰ নিজৰ হয়নে?যদি হয় তেন্তে আপুনি নিজেই ব্যৱহাৰ কৰে নে?
৪)গীতটোৰ কথা আপোনাৰ নিজৰ নে?
৫)আপুনি যদি গীতটো নিজে লিখিছে তেন্তে আপুনি তাক চাৰ্টিফাই কৰিছে নে?
৬)যদি গীতটো আন কোনোবাই লিখিছে তেন্তে আপুনি লিখকৰ পৰা অনুমতি লৈছিল নে?
৭) আপুনি গীতটোৰ কথাই সমাজত প্ৰভাৱ পেলাব বুলি আপুনি অৱগতনে?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296