সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ প্ৰতিষ্ঠানে লাভ কৰিছিল পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ভিত্তিত শণিবাৰে দিল্লীত সংবাদমেল সম্বোধন কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াই ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোভিড কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰে ৷ তাৰ পাছত টুইটাৰৰ মাধ্যমত আৰম্ভ হ’ল আন এখন যুদ্ধ ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই মণীষ চিছোডিয়াৰ বিৰুদ্ধে অপৰাধিক মানহানিৰ গোচৰ তৰাৰ ভাবুকি দি এখন বিশেষ পত্ৰ টুইট কৰে ৷ এই নথিখন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰা দিয়া হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজক ৷ য’ত জে চি বি ইণ্ডাষ্ট্ৰীজে ১৪৮৫ টা পি পি ই কীট চি এছ আৰ হিচাপে প্ৰদান কৰাৰ বাবে কোম্পেনীটোক ধন্যবাদ জনোৱা হৈছে ৷ এন এইচ এমৰ সঞ্চালকে এই পত্ৰখন প্ৰেৰণ কৰিছিল ২০২০ চনৰ ২৭ মাৰ্চত ৷

- Donation -

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ প্ৰত্যুত্তৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াই জে চি বি ইণ্ডাষ্ট্ৰীজে লাভ কৰা পি পি ই কীট যোগানৰ নিৰ্দেশৰ প্ৰতিলিপি টুইটাৰত আপলোড কৰে ৷ এই যোগানৰ নিৰ্দেশ আছিল ২০২০ চনৰ ১৮ মাৰ্চৰ ৷ তেওঁ প্ৰশ্ন কৰে যে-মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , এইখন হ’ল আপোনাৰ পত্নীৰ কোম্পেনীৰ নামত ৯৯০ টকা দৰত পি পি ই কীট ক্ৰয়ৰ চুক্তি ৷ এই কাগজখন মিছা আছিল নেকি আপুনি জনাওক ৷ এজন স্বাস্থ্যমন্ত্ৰীয়ে নিবিদা অবিহনে নিজৰ পত্নীৰ কোম্পেনীক ঠিকা প্ৰদান কৰাটো ভ্ৰষ্টাচাৰ নহয় নেকি ?

শনিবাৰে এই বিষয়টো লৈ টুইটাৰ উত্তপ্ত হৈ থাকে ৷ ইয়াৰ পাছত দেওবাৰে পুৱা হিমন্ত বিশ্ব শৰ্মাই আন এখন পত্ৰ টুইট কৰে ৷ এই পত্ৰখন ২৬ মাৰ্চ ,২০২০ত জে চি বি ইণ্ডাষ্ট্ৰীজৰ পৰা দিয়া হৈছিল এন এইচ এমৰ সঞ্চালকক ৷ পত্ৰখনত জে চি বি ইণ্ডাষ্ট্ৰীজৰ হৈ উৎপল বৰুৱাই প্ৰেৰণ কৰিছিল এন এইচ এমলৈ ৷ য’ত কোভিড যুদ্ধৰ সহায় হোৱাকৈ ১৪৮৫ টা পি পি ই কীট দান কৰাৰ কথা লিখা আছে ৷ এই পত্ৰখন টুইট কৰি ড: হিমন্ত বিশ্ব শৰ্মাই লিখে যে প্ৰশ্নৰ আৱৰ্তত থকা কোম্পেনীটোৱে যোগান ধৰা ১৪৮৫ টা পি পি ই কীট চি এছ আৰ হিচাপে গ্ৰহণ কৰিবলৈ এন এইচ এমক পত্ৰযোগে অৱগত কৰিছিল ৷ গতিকে এটা টকাও চৰকাৰে কোম্পেনীটোক প্ৰদান কৰা নাছিল ৷ এন এইচ এমে এই পত্ৰখনৰ প্ৰাপ্তি স্বীকাৰ কৰাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লিখে যে মণীষ ভাই , এয়া দুৰ্নীতি নহয় , এয়া মানৱতা ৷ মোৰ পত্নীয়ে কোনো অপৰাধ কৰা নাই ৷ সংকটৰ সময়ত তেও অসমক সহায় কৰিব বিচাৰিছিল ৷ আনলৈ জাবৰ দলিওৱাটো কোনোপধ্যে গ্ৰহণযোগ্য কথা নহয় , আপুনি আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব ৷

এয়া আছিল কালিৰ পৰা অব্যাহত থকা হিমন্ত বিশ্ব শৰ্মা আৰু মণীষ চিছোডিয়াৰ টুইট যুদ্ধৰ মূল কথা ৷ কিন্তু মণীষ চিছোডিয়াই যিখন যোগানৰ নিৰ্দেশ টুইট কৰিছিল , সেইখন এতিয়াও অস্বীকাৰ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ দুখন বিশেষ পত্ৰ টুইট কৰি তেও আত্মপক্ষ সমৰ্থন কৰিছে যদিও এতিয়াও বহু পত্ৰ তেওঁ টুইট কৰাৰ পৰা বিৰত আছে ৷
এইখন পত্ৰ এন এইচ এমৰ সঞ্চালকে ৬ এপ্ৰিলত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পেনী জে চি বি ইণ্ডাষ্ট্ৰীজলৈ দিয়া পত্ৰ ৷ আচলতে এইখন জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া ঠিকা বাতিল কৰি দিয়া পত্ৰ ৷ য’ত উল্লেখ কৰা হৈছে যে জে চি বি ইণ্ডাষ্ট্ৰীজে ৫ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা লৈ মাত্ৰ ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হৈছে , গতিকে যোগানৰ নিৰ্দেশ বাতিল কৰা হ’ল ৷ এই পত্ৰখন সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

৫০০০ পি পি ই কীটৰ ঠিকা লৈ ৰিণিকি ভূঞা শৰ্মাই যোগান ধৰিলে মাত্ৰ ১৪৮৫ টা কীট, যাৰ বাবে ৪ এপ্ৰিলত পূৰ্বে দিয়া যোগানৰ নিৰ্দেশ বাতিল কৰা হয়

 

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকা পৰিয়ালেও একেসময়তে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমে ২০২০ চনৰ ২২ আৰু ২৩ মাৰ্চত তেওলোকে লাভ কৰিছিল মুঠ ২০ হাজাৰ পি পি ই কীটৰ ঠিকা ৷ ধানুকাৰ প্ৰতিষ্ঠানক ২০২০ ৰ ৩১ মাৰ্চৰ ভিতৰত এই পি পি ই কীটখিনি যোগান ধৰিবলৈ কোৱা হৈছিল ৷ কিন্তু সময়মতে তেওঁ মাত্ৰ ১০৩৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ৩ মাৰ্চত এন এইচ এমে এই ঠিকা বাতিল কৰে ৷ কিন্তু সেই সময়তে আন এক নোহোৱা নোপোজা ঘটনা সংঘটিত হয় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অতি ঘনিষ্ঠ ধানুকাই এন এইচ এমৰ ওচৰত ৩ এপ্ৰিলৰ দিনটোতে আন এক চৰ্ত আৰোপ কৰে যে তেওঁ ৯৯০ টকা দৰত নহয় , ১৫০০ টকা দৰত(জি এছ টি বাদ দি) পি পি ই কীট যোগান ধৰিব পাৰিব ৷ কিন্তু নতুন দিল্লীৰ অসম ভৱনহে এই পি পি ই কীটখিনি যোগান ধৰিব ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠ ধানুকাৰ এই চৰ্ত এন এইচ এমে মানি লয় ৷ ধানুকাৰ চৰ্ত অনুসৰিয়ে ৩ এপ্ৰিলৰ দিনটোতে বৰ্ধিত দৰত পুণৰ ১৮,৯৬৫ টা পিপিই কীট যোগানৰ ঠিকা দিয়া হয় ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমক ৷ ধানুকাই মুঠ ১০.৮৪ লাখ টকাৰ পি পি ই কীট যোগান ধৰাৰ তথ্য লাভ কৰা গৈছে ৷ বৰ্ধিত দামত ধানুকাক ঠিকা দিয়া বিষয়টোক লৈ এতিয়াও টুইটাৰত কোনো মন্তব্য কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মণীষ চিছোডিয়াই এই বিষয়বোৰো সংবাদ মেলত উত্থাপন কৰিছিল ৷
crosscurrent-assam_covid_files

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ঠিকাদাৰ ধানুকাৰ প্ৰতিষ্ঠান জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৪৩১ শতাংশ পৰ্যন্ত বৰ্ধিত দামত লাভ কৰিছিল চেনিটাইজাৰ যোগানৰ ঠিকা ৷ আন প্ৰতিষ্ঠানে ১৮ টকা মূল্যত যোগান ধৰা ১০০ মিলিলিটাৰৰ চেনিটাইজাৰৰ বটল ধানুকাই যোগান ধৰিছিল ১০০ টকা দৰত ৷ দামৰ এই বিশাল তাৰতম্য সন্দৰ্ভতো মৌন হৈ আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ বিৰোধীয়ে এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে যদিও টুইটযোগে এতিয়ালৈ কোনো মন্তব্য কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰা ঘনশ্যাম ধানুকাৰ পিতৃ হৈছে অশোক ধানুকা ৷ অশোক কুমাৰ ধানুকা বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পেনীৰ সঞ্চালকৰ পদত আছে ৷ এই কোম্পেনীত সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৷ বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ পূৰ্বৰ নাম আছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷ এই কোম্পেনীটোৱে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰ আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি বে-আইনীভাৱে ক্ৰয় কৰিছিল ৷ দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই সন্দৰ্ভত প্ৰকাশ পাইছিল বিশেষ প্ৰতিবেদন ৷ তাৰ পাছতে বিৰোধী দলে এই ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু এই সন্দৰ্ভতো টুইটযোগে আজিলৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

crosscurrent
বশিষ্ঠ ৰিয়েল্টৰ্ছৰ সঞ্চালকৰ পদত অশোক ধানুকা

 

nandil-biswa-sarma-
বশিষ্ঠ ৰিয়েল্টৰ্ছত সৰ্বাধিক অংশীদাৰিত্ব নন্দিল বিশ্ব শৰ্মাৰ

সেই ধানুকা পৰিয়ালক অত্যাধিক দৰত পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা দিয়াক লৈ আকৌ নতুন বিতৰ্কৰ সৃষ্টি হৈছে ৷ এই বিষয়টো লৈও নীৰৱে আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

Leave A Reply

Your email address will not be published.