টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

Share This Article

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ প্ৰতিষ্ঠানে লাভ কৰিছিল পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ভিত্তিত শণিবাৰে দিল্লীত সংবাদমেল সম্বোধন কৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াই ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোভিড কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰে ৷ তাৰ পাছত টুইটাৰৰ মাধ্যমত আৰম্ভ হ’ল আন এখন যুদ্ধ ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই মণীষ চিছোডিয়াৰ বিৰুদ্ধে অপৰাধিক মানহানিৰ গোচৰ তৰাৰ ভাবুকি দি এখন বিশেষ পত্ৰ টুইট কৰে ৷ এই নথিখন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰা দিয়া হৈছিল ৰিণিকি ভূঞা শৰ্মাৰ প্ৰতিষ্ঠান জে চি বি ইণ্ডাষ্ট্ৰীজক ৷ য’ত জে চি বি ইণ্ডাষ্ট্ৰীজে ১৪৮৫ টা পি পি ই কীট চি এছ আৰ হিচাপে প্ৰদান কৰাৰ বাবে কোম্পেনীটোক ধন্যবাদ জনোৱা হৈছে ৷ এন এইচ এমৰ সঞ্চালকে এই পত্ৰখন প্ৰেৰণ কৰিছিল ২০২০ চনৰ ২৭ মাৰ্চত ৷

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটৰ প্ৰত্যুত্তৰত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়াই জে চি বি ইণ্ডাষ্ট্ৰীজে লাভ কৰা পি পি ই কীট যোগানৰ নিৰ্দেশৰ প্ৰতিলিপি টুইটাৰত আপলোড কৰে ৷ এই যোগানৰ নিৰ্দেশ আছিল ২০২০ চনৰ ১৮ মাৰ্চৰ ৷ তেওঁ প্ৰশ্ন কৰে যে-মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , এইখন হ’ল আপোনাৰ পত্নীৰ কোম্পেনীৰ নামত ৯৯০ টকা দৰত পি পি ই কীট ক্ৰয়ৰ চুক্তি ৷ এই কাগজখন মিছা আছিল নেকি আপুনি জনাওক ৷ এজন স্বাস্থ্যমন্ত্ৰীয়ে নিবিদা অবিহনে নিজৰ পত্নীৰ কোম্পেনীক ঠিকা প্ৰদান কৰাটো ভ্ৰষ্টাচাৰ নহয় নেকি ?

শনিবাৰে এই বিষয়টো লৈ টুইটাৰ উত্তপ্ত হৈ থাকে ৷ ইয়াৰ পাছত দেওবাৰে পুৱা হিমন্ত বিশ্ব শৰ্মাই আন এখন পত্ৰ টুইট কৰে ৷ এই পত্ৰখন ২৬ মাৰ্চ ,২০২০ত জে চি বি ইণ্ডাষ্ট্ৰীজৰ পৰা দিয়া হৈছিল এন এইচ এমৰ সঞ্চালকক ৷ পত্ৰখনত জে চি বি ইণ্ডাষ্ট্ৰীজৰ হৈ উৎপল বৰুৱাই প্ৰেৰণ কৰিছিল এন এইচ এমলৈ ৷ য’ত কোভিড যুদ্ধৰ সহায় হোৱাকৈ ১৪৮৫ টা পি পি ই কীট দান কৰাৰ কথা লিখা আছে ৷ এই পত্ৰখন টুইট কৰি ড: হিমন্ত বিশ্ব শৰ্মাই লিখে যে প্ৰশ্নৰ আৱৰ্তত থকা কোম্পেনীটোৱে যোগান ধৰা ১৪৮৫ টা পি পি ই কীট চি এছ আৰ হিচাপে গ্ৰহণ কৰিবলৈ এন এইচ এমক পত্ৰযোগে অৱগত কৰিছিল ৷ গতিকে এটা টকাও চৰকাৰে কোম্পেনীটোক প্ৰদান কৰা নাছিল ৷ এন এইচ এমে এই পত্ৰখনৰ প্ৰাপ্তি স্বীকাৰ কৰাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লিখে যে মণীষ ভাই , এয়া দুৰ্নীতি নহয় , এয়া মানৱতা ৷ মোৰ পত্নীয়ে কোনো অপৰাধ কৰা নাই ৷ সংকটৰ সময়ত তেও অসমক সহায় কৰিব বিচাৰিছিল ৷ আনলৈ জাবৰ দলিওৱাটো কোনোপধ্যে গ্ৰহণযোগ্য কথা নহয় , আপুনি আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব ৷

এয়া আছিল কালিৰ পৰা অব্যাহত থকা হিমন্ত বিশ্ব শৰ্মা আৰু মণীষ চিছোডিয়াৰ টুইট যুদ্ধৰ মূল কথা ৷ কিন্তু মণীষ চিছোডিয়াই যিখন যোগানৰ নিৰ্দেশ টুইট কৰিছিল , সেইখন এতিয়াও অস্বীকাৰ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ দুখন বিশেষ পত্ৰ টুইট কৰি তেও আত্মপক্ষ সমৰ্থন কৰিছে যদিও এতিয়াও বহু পত্ৰ তেওঁ টুইট কৰাৰ পৰা বিৰত আছে ৷
এইখন পত্ৰ এন এইচ এমৰ সঞ্চালকে ৬ এপ্ৰিলত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ কোম্পেনী জে চি বি ইণ্ডাষ্ট্ৰীজলৈ দিয়া পত্ৰ ৷ আচলতে এইখন জে চি বি ইণ্ডাষ্ট্ৰীজক দিয়া ঠিকা বাতিল কৰি দিয়া পত্ৰ ৷ য’ত উল্লেখ কৰা হৈছে যে জে চি বি ইণ্ডাষ্ট্ৰীজে ৫ হাজাৰ পি পি ই কীট যোগানৰ ঠিকা লৈ মাত্ৰ ১৪৮৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হৈছে , গতিকে যোগানৰ নিৰ্দেশ বাতিল কৰা হ’ল ৷ এই পত্ৰখন সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

৫০০০ পি পি ই কীটৰ ঠিকা লৈ ৰিণিকি ভূঞা শৰ্মাই যোগান ধৰিলে মাত্ৰ ১৪৮৫ টা কীট, যাৰ বাবে ৪ এপ্ৰিলত পূৰ্বে দিয়া যোগানৰ নিৰ্দেশ বাতিল কৰা হয়

 

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ধানুকা পৰিয়ালেও একেসময়তে পি পি ই কীট যোগানৰ ঠিকা লাভ কৰিছিল ৷ ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমে ২০২০ চনৰ ২২ আৰু ২৩ মাৰ্চত তেওলোকে লাভ কৰিছিল মুঠ ২০ হাজাৰ পি পি ই কীটৰ ঠিকা ৷ ধানুকাৰ প্ৰতিষ্ঠানক ২০২০ ৰ ৩১ মাৰ্চৰ ভিতৰত এই পি পি ই কীটখিনি যোগান ধৰিবলৈ কোৱা হৈছিল ৷ কিন্তু সময়মতে তেওঁ মাত্ৰ ১০৩৫ টা পি পি ই কীটহে যোগান ধৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে ৩ মাৰ্চত এন এইচ এমে এই ঠিকা বাতিল কৰে ৷ কিন্তু সেই সময়তে আন এক নোহোৱা নোপোজা ঘটনা সংঘটিত হয় ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অতি ঘনিষ্ঠ ধানুকাই এন এইচ এমৰ ওচৰত ৩ এপ্ৰিলৰ দিনটোতে আন এক চৰ্ত আৰোপ কৰে যে তেওঁ ৯৯০ টকা দৰত নহয় , ১৫০০ টকা দৰত(জি এছ টি বাদ দি) পি পি ই কীট যোগান ধৰিব পাৰিব ৷ কিন্তু নতুন দিল্লীৰ অসম ভৱনহে এই পি পি ই কীটখিনি যোগান ধৰিব ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠ ধানুকাৰ এই চৰ্ত এন এইচ এমে মানি লয় ৷ ধানুকাৰ চৰ্ত অনুসৰিয়ে ৩ এপ্ৰিলৰ দিনটোতে বৰ্ধিত দৰত পুণৰ ১৮,৯৬৫ টা পিপিই কীট যোগানৰ ঠিকা দিয়া হয় ঘনশ্যাম ধানুকাৰ প্ৰতিষ্ঠান মেডিটাইমক ৷ ধানুকাই মুঠ ১০.৮৪ লাখ টকাৰ পি পি ই কীট যোগান ধৰাৰ তথ্য লাভ কৰা গৈছে ৷ বৰ্ধিত দামত ধানুকাক ঠিকা দিয়া বিষয়টোক লৈ এতিয়াও টুইটাৰত কোনো মন্তব্য কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মণীষ চিছোডিয়াই এই বিষয়বোৰো সংবাদ মেলত উত্থাপন কৰিছিল ৷
crosscurrent-assam_covid_files

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ঠিকাদাৰ ধানুকাৰ প্ৰতিষ্ঠান জি আৰ ডি ফাৰ্মাচিউটিকেলছে ৪৩১ শতাংশ পৰ্যন্ত বৰ্ধিত দামত লাভ কৰিছিল চেনিটাইজাৰ যোগানৰ ঠিকা ৷ আন প্ৰতিষ্ঠানে ১৮ টকা মূল্যত যোগান ধৰা ১০০ মিলিলিটাৰৰ চেনিটাইজাৰৰ বটল ধানুকাই যোগান ধৰিছিল ১০০ টকা দৰত ৷ দামৰ এই বিশাল তাৰতম্য সন্দৰ্ভতো মৌন হৈ আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ বিৰোধীয়ে এই ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছে যদিও টুইটযোগে এতিয়ালৈ কোনো মন্তব্য কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰা ঘনশ্যাম ধানুকাৰ পিতৃ হৈছে অশোক ধানুকা ৷ অশোক কুমাৰ ধানুকা বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পেনীৰ সঞ্চালকৰ পদত আছে ৷ এই কোম্পেনীত সৰ্বাধিক ব্যক্তিগত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৷ বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ পূৰ্বৰ নাম আছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠা কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷ এই কোম্পেনীটোৱে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰ আৰু উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি বে-আইনীভাৱে ক্ৰয় কৰিছিল ৷ দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই সন্দৰ্ভত প্ৰকাশ পাইছিল বিশেষ প্ৰতিবেদন ৷ তাৰ পাছতে বিৰোধী দলে এই ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু এই সন্দৰ্ভতো টুইটযোগে আজিলৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

crosscurrent
বশিষ্ঠ ৰিয়েল্টৰ্ছৰ সঞ্চালকৰ পদত অশোক ধানুকা

 

nandil-biswa-sarma-
বশিষ্ঠ ৰিয়েল্টৰ্ছত সৰ্বাধিক অংশীদাৰিত্ব নন্দিল বিশ্ব শৰ্মাৰ

সেই ধানুকা পৰিয়ালক অত্যাধিক দৰত পি পি ই কীট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা দিয়াক লৈ আকৌ নতুন বিতৰ্কৰ সৃষ্টি হৈছে ৷ এই বিষয়টো লৈও নীৰৱে আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.