“অভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেলৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ বাবে বুজাবুজিৰ চুক্তি” স্বাক্ষৰিত

Share This Article

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ উপস্থিতিত আজি ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, ভাৰতীয় ভূমি বন্দৰ প্ৰাধিকৰণ আৰু ত্ৰিপুৰা চৰকাৰ (পৰিবহণ বিভাগ)ৰ মাজত ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰত “অভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেলৰ উন্নয়ন আৰু ব্যৱস্থাপনাৰ বাবে বুজাবুজিৰ চুক্তি” স্বাক্ষৰিত হয়। গোমতী নদীৰ ওপৰত ১০টা নতুন জেটী নিৰ্মাণ কৰা হ’ব যিয়ে জলপথৰ জৰিয়তে ভাৰত-বাংলাদেশৰ মাজৰ বাণিজ্যক অধিক গতিশীলতা প্ৰদান কৰিব। তদুপৰি ৰাজ্যখনত ৫০টা আয়ুষ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ নিৰ্মাণত ত্ৰিপুৰা চৰকাৰক কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে সহায়-সহযোগিতা আগবঢ়াব বুলি সোণোৱালে উল্লেখ কৰে। ত্ৰিপুৰাত এখন নতুন ৫০খন বিছনাযুক্ত আয়ুষ সমন্বিত হস্পিতাল নিৰ্মাণ কৰা হ’ব বুলিও সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.