ভোক : আধাপেটী মানুহেৰে ভৰিছে ভাৰতবৰ্ষ : ২২.৪ কৌটি লোকে খাবলৈ নাপায় দুবেলা দুসাজ

Share This Article

মহামাৰী কৰোনাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে স্পষ্ট হৈ পৰিছে ৷ মহামাৰীৰ সময়ত কৌটি কৌটি লোকে জীৱন জীৱিকা হেৰুৱাবলগীয়া হোৱাই নহয় , ব্যাপক খাদ্য সংকটৰো সন্মুখীন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অৱ ফুড চিকিউৰিটী এণ্ড নিউট্ৰিশ্যন ইন দ্য ৱৰ্ল্ড ২০২২’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে বিশ্বজুৰি ভোকাতুৰ মানুহৰ সংখ্যা বৃদ্ধি পোৱা সন্দৰ্ভত বহু উদ্বেগজনক তথ্য ৷

২০১৯ চনত সমগ্ৰ বিশ্বৰ ৬১.৮ কৌটি লোক ভোকৰ সন্মুখীন হৈছিল ৷ ২০২১ চনত এই সংখ্যা ৭৬.৮ কৌটিলৈ বৃদ্ধি পালে ৷ অৰ্থাৎ মাত্ৰ দুটা বছৰৰ ব্যৱধানত ভোকাতুৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে ১৫ কৌটি ৷ দুটা বছৰত ভোকাতুৰ মানুহৰ সংখ্যা ২৪.৩ শতাংশ বৃদ্ধি পোৱাটো নিশ্চয় বিশ্বৰ বাবেই অশনি সংকেত ৷ বিগত ১৫ বছৰ ধৰি ভোকাতুৰ মানুহৰ সংখ্যা বৃদ্ধি পাই আহিছে যদিও শেহতীয়া দুটা বছৰত এই সংখ্যা অতি দ্ৰুতগতিত বাঢ়িছে ৷

ৰাষ্ট্ৰসংঘৰ একেখন প্ৰতিবেদনত উল্লেখ পোৱা তথ্য অনুসৰি , ২০২১ চনত ভাৰতৰ পৰিপুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা ২২.৪ কৌটি ৷ ২০০৪-০৬ চনত এই সংখ্যা আছিল ২৪ কৌটি ৷ ভোকাতুৰ মানুহৰ সংখ্যা হ্ৰাস পোৱাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ২২.৪ কৌটি লোকে দুবেলা দুসাজ খাবলৈ নোপোৱা বা খাদ্যত ৫০ শতাংশও পুষ্টি নোপোৱাটো উদ্বেগৰ বিষয় ৷ ­­

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি , ২০২১ চনত ভাৰতত  পুষ্টিসন্মত খাদ্য খাবলৈ এদিনত ২৩৫ টকা ব্যয় হয় ৷ আন আন চুবুৰীয়া দেশতকৈ এই দৰ কম ৷ এদিনত পুষ্টিসন্মত খাদ্য খাবৰ বাবে পাকিস্তানত ২৯১ টকা , শ্ৰীলংকাত ৩১০ টকা , বাংলাদেশত ২৪২ টকা , ভূটানত ৩৯৮ টকা আৰু নেপালত ৩৪৫ টকা ব্যয় হয় ৷ ইয়াৰ প্ৰভাৱ দেখা যায় ভোকৰ দ্বাৰা প্ৰভাৱিত জনসংখ্যাৰ ক্ষেত্ৰতো ৷ ভাৰতৰ ১৬.৩ শতাংশ , বাংলাদেশৰ ১৮.৮ শতাংশ , পাকিস্তানৰ ৩৭.২ শতাংশ জনসংখ্যা ভোকৰ দ্বাৰা প্ৰভাৱিত ৷

ভাৰতত এহাতে যদি ভোকাতুৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে , আনহাতে মেদবহুলতাত ভোগা ;লোকৰ সংখ্যাও বৃদ্ধি পাইছে ৷ ভাৰতৰ ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰৰ  ৩.৪ কৌটি লোক ‘অভাৰৱেট’ কেটেগ’ৰীত আছে ৷ ৪ বছৰ পূৰ্বে ভাৰতৰ অভাৰৱেট জনসংখ্যা আছিল ২.৫ কৌটি ৷ আনহাতে , এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যাও বিগত দুটা বছৰত বৃদ্ধি পাইছে ৷ ২০১৯ চনত ভাৰতৰ এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা আছিল ১৭.২ কৌটি ৷ ২০২১ ত এনিমিয়াত ভোগা মহিলাৰ সংখ্যা বৃদ্ধি পালে ১৮.৭ কৌটিলৈ ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.