পেট্ৰ’ল-মিঠাতেলৰ দৰেই বৃদ্ধি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল! নামানিলে ইউ জি চিৰ নির্দেশ-

Share This Article

বজাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে,শিক্ষার্থীক জুৰুলা কৰিছে নামভর্তিৰ মাচুল বৃদ্ধিয়ে৷ কোভিড আৰু লকডাউনে ৰাইজক আর্থিকভাবে সংকটাপন্ন কৰি ৰখাৰ সময়তে শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষার্থীসকল৷ কিন্তু স্বাভাৱিক মাচুল বৃদ্ধিৰ সীমা চেৰাই তেজপুৰ বিশ্ববিদ্যালয়ে বর্ধিত হাৰত বৃদ্ধি কৰা মাচুলে এতিয়া তীব্ৰ বিতর্কৰ সৃষ্টি কৰিছে৷

বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২০ চনৰ মে মাহতে জাৰি কৰিছিল এখন  নির্দেশনা পত্ৰ৷তাত কোৱা হৈছিল,যে কোভিড আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত সাধাৰণ লোক আর্থিকভাবে সংকটৰ সন্মুখীন হৈছে৷গতিকে নামভর্তি অথবা অন্যান্য মাচুলৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় সমূহে ছাত্ৰছাত্ৰীৰ সুবিধার্থে ব্যৱস্থা গ্ৰহন কৰিব লাগে৷বিশ্ববিদ্যালয় অনুদান আয়োগৰ এই নির্দেশনাৰ পিছতেই দিল্লী বিশ্ববিদ্যালয়ে নামভর্তিৰ মাচুল হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা অম্যান্য কৰি তেজপুৰ বিশ্ববিদ্যালয়ে পেট্ৰল,মিঠাতেলৰ দৰেই বৃদ্ধি কৰিছে নামভর্তিৰ মাচুল৷যেন এখন শিক্ষানুষ্ঠান নহয়,যেন এখন বজাৰহে৷
তেজপুৰ বিশ্ববিদ্যালয়ত ২০১৯-২০ বর্ষৰ গ্ৰীস্মকালীন চেমিষ্টাৰত বিভাগভেদে পি এইচ ডিৰ নামভর্তিৰ মাচুল আছিল ১৭০৪৩ টকা ১৫৬৯৩ টকা৷কিন্তু ২০২০-২১ বর্ষৰ গ্ৰীস্মকালীন চেমিষ্টাৰত নামভর্তিৰ মাচুল ১৭০৪৩ টকাৰ পৰা হলগৈ ১৯০৪৩ টকা আৰু ১৫৬৯৩ টকাৰ পৰা হলগৈ ১৭৬৯৩ টকা৷অর্থাৎ এটা বছৰত নামভর্তিৰ মাচুল বৃদ্ধি হল দুই হাজাৰ টকা৷ হিচাপ এটা কৰি চালে দেখিব,যে তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিদিনে মাচুল বৃদ্ধি হল ৫ টকাকৈ৷কিন্তু কত কেনেকৈ মাচুল বৃদ্ধি কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে?
লাইব্ৰেৰীৰ বাবদ পূৰ্বে আছিল ৩৫০ টকা, এইবাৰ ৫০ টকা বৃদ্ধি কৰি কৰা হল ৪০০ টকা৷
চিকিৎসাৰ বাবদত পূৰ্বে আছিল ২৫০ টকা, এইবাৰ ইয়াৰ বৃদ্ধি পালে ৩০০ টকালৈ৷
লেবৰটৰীৰ বাবদ বিগত বর্ষত আছিল ১০০০ টকা, এইবাৰ ৫০ টকা বৃদ্ধি কৰি কৰা হল ১০৫০ টকা৷
একেদৰে আন্ত: গাঁথনি আৰু এমিনিটিৰ বাবদ পূর্বে আছিল ১০০০ টকা, এইবাৰ বৃদ্ধি কৰা হ’ল ১০০ টকা৷
বিদ্যুতৰ বাবদ পূৰ্বে আছিল ৩০০ টকা, এইবাৰ ১০০ টকা বৃদ্ধি কৰি কৰা হল ৪০০ টকা৷
উন্নয়ন পুঁজিৰ নামত পূৰ্বে আছিল ১৫০০ টকা, এইবাৰ সৰ্বোচ্চ ১০০০ টকাকৈ বৃদ্ধি কৰি কৰা হল ২৫০০ টকা৷
তেজপুৰ বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নির্দেশনা নামানিলে৷তেজপুৰ বিশ্ববিদ্যালয়ে নামভর্তিৰ মাচুল বৃদ্ধি কৰিলে৷কিন্তু বর্ধিত মাচুল যোগাৰ কৰিবলৈ ছাত্ৰছাত্ৰীক কিমান সময় দিলে আপুনি জানেনে?বিগত ৩০ জুলাইত নামভর্তিৰ জাননী জাৰি কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ে৷জাননীত কোৱা হল-২ আগষ্টৰ পৰা নামভর্তি আৰম্ভ হব আৰু ৪ আগষ্টত শেষ হব৷অর্থাৎ নামভর্তিৰ বাবে ১৯ হাজাৰ টকা যোগাৰ কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰছাত্ৰীক সময় দিলে মাত্ৰ দুদিন৷

প্ৰশ্ন হয়,যি সময়ত ব্যক্তিগত শিক্ষানুষ্ঠানৰ বর্ধিত মাচুলে অভিভাবক সকলক সমস্যাৰ সন্মুখীন কৰাই আহিছে,সেই সময়ত চৰকাৰী শিক্ষানুষ্ঠান সমূহেও যদি উর্ধতন কতৃপক্ষৰো নিদের্শ নামানে,তেন্তে তেনে শিক্ষানুষ্ঠানক এতিয়া নাকী লগাব কোনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.