আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰিলে লাভ নকৰে ভাল ফলাফল : ভাৰতক উদ্দেশ্যি সকীয়ণি দুৰ্ধৰ্ষ তালিবানৰ

Share This Article

দিন বাগৰাৰ লগে লগে আফগানিস্তানত তালিবানে দখল কৰিছে ইটোৰ পিছত সিটো অঞ্চল। আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ সকলো বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানে ভাৰতক পাকে-প্ৰকাৰে আফগানিস্তানলৈ সেনা বাহিনী সহায় কৰিবলৈ সৈন্য প্ৰেৰণ নকৰিবলৈ দাবী জনাইছে। তালিবানৰ মুখপাত্ৰ সুহেল শ্বাহিনে সংবাদ সংস্থা ANIৰ আগত ভাৰতক সকীয়ণি দি কয় যে যদি ভাৰতীয় সেনাই আফগান সেনাক সহায় কৰিবলৈ আহে তেন্তে কথা বেয়া হব।
অৱশ্যে শ্বাহিনে আফগানিস্তানৰ জনসাধাৰণলৈ ভাৰতে আগবঢ়োৱা অৱদানক প্ৰশংসাৰে উপচাই পেলাইছে। ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ বাবে দলং আৰু আন্তঃগাঁথনি উন্নত কৰাত যথেষ্ট সহায় কৰিছে। ইয়াৰ ফলত আফগানিস্তানত অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি বহুতো দেশে নিজৰ নাগৰিক আৰু বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া সকলক আফগানিস্তানৰ পৰা ঘূৰাই নিয়াৰ কাম আৰম্ভ কৰিছে। তাৰ ভিতৰত ভাৰতো এখন অন্যতম।
তালিবানে প্ৰকাশ কৰা বিবৃতি অনুসৰি তালিবানে কূটনৈতিক ব্যক্তিসকলৰ কোনো ক্ষতি নকৰে।
তালিবানৰ মুৰব্বী শ্বাহিনে কয় যে তেঁওলোকে দূতাবাস আৰু কূটনৈতিক লোকসকলৰ কোনো ক্ষতি নকৰে।
ভাৰতক সকীয়ণি দিলেও ভাৰতীয় দূতাবাসৰ কোনো ক্ষতি নকৰো বুলি ইতিমধ্যেই স্পষ্ট কৰি দিছে তালিবানে, গতিকে এনে স্পৰ্শকাতৰ সময়ত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কি পদক্ষেপ গ্ৰহণ কৰে পৰৱৰ্তী দিনত সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.