তলাতল ঘৰৰ চাফাই অভিযানত অখিল গগৈ

Share This Article

এতিয়া বনভোজৰ বতৰ। অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহত এতিয়া পৰ্যটকে ভিৰ কৰা লগতে, পৰিয়াল, বন্ধু তথা আত্মীয়-স্বজনৰ লগত বনভোজ খাবলৈ ভিৰ কৰিছেহি বনভোজস্হলী। ব্যতিক্ৰম নহয় ঐতিহাসিক শিৱসাগৰ। বনভোজৰ অন্যতম স্হলি হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ৷ প্ৰতি বছৰে ইংৰাজী নৱবৰ্ষৰ এই সময়ছোৱাত শিৱসাগৰৰ ঐতিহাসিক সম্বল ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰত বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে স্থানীয় লোকেৰে লোকাৰণ্য হৈ পৰে শিৱসাগৰৰ বিভিন্ন বনভোজ থলীসমূহ ৷ সকলোৱে মিলি মুকলিকৈ এসাঁজ ৰান্ধি-বাঢ়ি খাই দিনটো নাচি-বাগি উদযাপন কৰে যদিও বনভোজ স্থলীৰ পৰিস্কাৰ-পৰিচন্নতাৰ ক্ষেত্ৰত সজাগ নহয় অধিকাংশ ৰাইজ । এনে এচাম লোকৰ বাবেই অতিশয় লেতেৰা হৈ পৰে বনভোজস্হলীসমূহ। সজাগ নোহোৱা অধিকাংশৰ বাহেই এতিয়া শিৱসাগৰৰ তলাতল ঘৰৰ চাৰিওফালো লেতেৰা হৈ পৰিছে। যাৰবাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈ নিজেই ওলাই আহি ৰাইজৰ দলৰ কৰ্মীসকলৰ লগত চাফ-চিকুণ কৰিছে তলাতল ঘৰৰ চাৰিওফাল। লগতে অখিল গগৈয়ে কয় যে- ক্লিন শিৱসাগৰ ক্লিন শিৱসাগৰ, পৰিস্কাৰ-পৰিচ্ছন্ন শিৱসাগৰ, সেউজ শিৱসাগৰৰ অধীনত কালিৰে পৰা দ্বিতীয়টো অভিযান চলিছে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.