Tag #War

ৰুছ সেনা নে নিধিৰাম চৰ্দাৰ?

ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দশা ৰাছিয়াৰ সেনাৰ।যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰতো বাদেই,তীব্ৰ খাদ্য সংকট আৰু পিয়াহৰ পানী টুপিৰ অভাৱে জুৰুলা কৰিছে ৰাছিয়ান সেনাবাহিনীক। চাওঁতে চাওঁতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰা প্ৰায় ৯ টা মাহ উকলিল। কিন্তু এতিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে…

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি ইউক্ৰেইনৰ

  নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি ইউক্ৰেইনৰ…

যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ

যুদ্ধ আৰু কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। গ্লাম কৰিডৰ নিৰ্মাণৰ বাবে যুদ্ধ বিৰতি ঘোষণা প্ৰৱল প্ৰতাপী ৰাছিয়াৰ। বিদেশী নাগৰিক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত। এই কথা ঘোষণা কৰিছে UNSC ত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে।

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ নিউক্লিয়াৰ প্লান্ট

নৱম দিনাও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ তাৰ মাজতে ৰুছ সেনাই জপৰোজিয়া নিউক্লিয়াৰ প্লান্ট নিজৰ দখললৈ নিছে ৷ ইউক্ৰেইনৰ এই নিউক্লিয়াৰ প্লান্টৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণ বিভাগ ৰুছ সেনাই দখল কৰি লয় ৷ তাৰ পূৰ্বে হোৱা গুলীয়াগুলীত ৩৩ জন…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্রণৰ মুৰব্বী কৰ্ণেল জেৰেল মিখাইল…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত হাজাৰৰো অধিক লোকৰ…

যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷ ইউক্ৰেইন আৰু…