টেগ #riniki_bhuyan_sarma

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই, দানহে দিছিল৷’

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই,দানহে দিছিল৷’ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ওপৰত হিমন্ত বিশ্ব শর্মা আৰু পত্নীয়ে দিয়া ভাষ্য কিয় অযুক্তিকৰ আৰু অগ্ৰহণযোগ্য?  

PPE কিট পৰিধান কৰি প্ৰতিবাদ কংগ্ৰেছৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু ঘনিষ্ঠই ক’ভিড সংক্ৰমণৰ সময়ত PPE কিটক লৈ কৰা কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছৰ।  

মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ?

মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ? মনিপুৰৰ কোম্পানীৰ লগত কি সম্পর্ক মুখ্যমন্ত্ৰীৰ পত্নী আৰু পিতৃৰ? মুখ্যমন্ত্ৰী পৰিয়াল আৰু ধানুকা পৰিয়ালৰ মাজৰ সম্পর্কৰৰ সৱিশেষ এই প্ৰতিবেদনত-  

মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ ধানুকাই ১৮ টকাৰ চেনিটাইজাৰ যোগান ধৰিলে ১০০ টকাত

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক থকা এগৰাকী ব্যৱসায়ী ঘনশ্যাম ধানুকা ৷ এই ধানুকাক দিয়া হৈছিল ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগানৰ ঠিকা ৷ ১৮ টকাৰ চেনিটাইজাৰ ধানুকাই যোগান ধৰিলে ১০০ টকাত ৷ চাওক দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ বিশেষ অনুসন্ধানমূলক প্ৰতিবেদন-…

নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত কৰক নতুবা মূখ্যমন্ত্রীয়ে পদত্যাগ কৰক : ইয়ং আচাম

যি সময়ত কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল,লকডাউনৰ বাবে সাধাৰণ মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল,তেনেসময়ত অসমত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ ঠিকা আবণ্টনৰ নামত যি কেলেংকাৰীৰ কথা আৰটিআই যোগে পোহৰলৈ আহিছে তাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়ং…

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ মাধ্যমেই পর্যাপ্ত নহয়৷সেইবাবেই এইক্ষেত্ৰত প্ৰয়োজন…

অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ গৃহ বিভাগলৈ লিখিত প্ৰশ্ন আৰু গৃহ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লিখিত উত্তৰ:

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ’ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ পল্টনবজাৰ থানাৰ অন্তৰ্গত এলেকাত মৃত্যু হয় যদিও কাৰ…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জাতীয় পৰিষদৰ:

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ আজি দলৰ জিলা…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক : চি পি আই (এম)

ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷ ‘দ্য ৱাইৰ’ আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ড॰…