মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক : চি পি আই (এম)

Share This Article

ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷ ‘দ্য ৱাইৰ’ আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা সঞ্চালক হিচাপে থকা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডক ২০০৬-০৭ আৰু ২০০৯ চনত ২৯ বিঘা ৯ লেচা মাটি আইন বহিৰ্ভূতভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা কৰি দিয়া হয়৷ কামৰূপ জিলাৰ পলাশবাৰীৰ বঙৰা গাঁৱত বিভিন্ন ব্যক্তিৰ নামত আবণ্টন দিয়া ১১ বিঘা ৩ কঠা ৪ লেছা চৰকাৰী মাটি ২০০৯ চনত সম্পূৰ্ণ আইন বহিৰ্ভূতভাৱে আৰ বি এছ ৰিয়েল্টৰ্ছ কোম্পানীক বিক্ৰী কৰা হয়৷ ইয়াৰ উপৰি উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ নমলী জলাহ গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টিত ১৭ বিঘা ২ কঠা ৫ লেচা ভূমিও আৰ বি এছ ৰিয়েল্টৰ্ছ কোম্পানীয়ে ২০০৭ চনৰ ২০ জুলাইত ভূমি আইন আৰু ভূমি নীতি উলংঘা কৰি ক্ৰয় কৰে৷ স্বাভাৱিকতে এনে বিয়াগোম কেলেংকাৰি তদানীন্তন অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ খটুৱাই সংঘটিত কৰা হৈছিল বুলি পতিয়ন যোৱাৰ শক্তিশালী যুক্তি আছে৷ এই সংবাদ অনুসৰি এতিয়া আৰ বি এছ ৰিয়েল্টৰ্ছৰ নাম সলনি কৰি বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড কৰা হৈছে৷ বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড কোম্পানীত এতিয়া সৰ্বাধিক শ্বেয়াৰ আছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ একমাত্ৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷ ৰাজ্যখনৰ চিলিং আইন ১৯৫৬ আৰু চৰকাৰ ঘোষিত ভূমি নীতি সম্পূৰ্ণভাৱে উলংঘা কৰি মাটি আবণ্টন দিয়াৰ এই ঘটনা নিৰপেক্ষভাৱে আৰু পুংখানুপুংখকৈ তদন্ত কৰা উচিত৷ ইতিমধ্যে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে আয়ৰ লগত সামঞ্জস্য নথকা বিশাল পৰিমাণৰ সম্পত্তি আহৰণৰ অভিযোগ কেইবাবাৰো উত্থাপিত হৈছে৷
চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ভূমি কেলেংকাৰিৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে৷ স্বাভাৱিকতে ড॰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত থকা অৱস্থাত এনে তদন্ত নিৰপেক্ষ নোহোৱাৰ যথেষ্ট আশংকা আছে৷ সেয়েহে তদন্তৰ মাজেৰে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নিৰ্দোষিতা প্ৰমাণ নোহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰীজনে তেওঁৰ পদৰ পৰা আঁতৰি থকা উচিত৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.