মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জাতীয় পৰিষদৰ:

Share This Article

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ আজি দলৰ জিলা সমিতিসমূহে প্ৰধানমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ হাতত অৰ্পন কৰে৷ নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বাক্সা, কামৰূপ, মৰিগাঁও, হোজাই, দৰং, শোণিতপুৰ, বৰপেটা, শিৱসাগৰ, হাইলাকান্দিকে ধৰি দলৰ আটাইকেইখন জিলা সমিতিয়ে উক্ত স্মাৰকপত্ৰসমূহ সংশ্লিষ্ট জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে৷ আনহাতে স্মাৰকপত্ৰৰ একোটাকৈ প্ৰতিলিপি ডাক যোগেও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে জিলা সমিতিমূহে৷ এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক ৰাজু ফুকনে আজি কয় যে যিহেতু অভিযোগটো ৰাজ্যৰ চৰকাৰী মুৰব্বীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে, সেয়ে ৰাজনৈতিক প্ৰভাৱত জিলা উপায়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰকপত্ৰখন প্ৰেৰণ নকৰাৰ সম্ভাৱনা বিদ্যমান৷ এনে কাৰণতে জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰা স্মাৰকপত্ৰৰ একোটাকৈ প্ৰতিলিপি ডাকযোগেও প্ৰেৰণ কৰা হয়৷ স্মাৰকপত্ৰৰ সৈতে দলৰ জিলা সমিতিসমূহে ভূমি কেলেংকাৰীৰ কিছু নথিও অতিৰিক্তভাৱে সংলগ্ন কৰি দিয়ে৷ স্মাৰকপত্ৰৰ যোগেদি দলে ভূমি কেলেংকাৰীৰ তদন্ত উচ্চ বা উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চি বি আই বা প্ৰৱৰ্তন নিৰ্দেশালয় (ই ডি)ৰ দ্বাৰা কৰোৱাৰ দাবী উত্থাপন কৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.