অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ গৃহ বিভাগলৈ লিখিত প্ৰশ্ন আৰু গৃহ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লিখিত উত্তৰ:

Share This Article

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ’ল?
উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ পল্টনবজাৰ থানাৰ অন্তৰ্গত এলেকাত মৃত্যু হয় যদিও কাৰ গুলীত তেওঁৰ মৃত্যু হয় সেই বিষয়ে ঠাৱৰ হোৱা নাই আৰু এই বিষয়ে তদন্ত হৈ আছে।
প্ৰশ্ন:তেওঁলোক কোন কোন সংগঠনত জড়িত আছিল?এই ঘটনাৰ তদন্ত হ’লনে?তদন্তৰ প্ৰতিবেদনৰ বিষয়ে জনাব।
উত্তৰ:তেওঁলোক কোন সংগঠনত জড়িত সেই বিষয়ে জনা নাযায়,তেওঁলোক কা’ বিৰোধী আন্দোলনত জড়িত বে-আইনী জনতা আছিল আৰু কূটাঘাতমূলক কাৰ্যত অংশগ্ৰহণ কৰিছিল।
প্ৰশ্ন:২০১৯ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ কিমানটা গুলীচালনা,লাঠীচালনা,কন্দুৱা গেছ নিক্ষেপৰ ঘটনা ঘটিছিল?পুলিচৰ লাঠীচালনা বা গুলীচালনাত আঘাতপ্ৰাপ্ত আৰু গ্ৰেপ্তাৰ হোৱা সকলৰ সংখ্যা জনাব।
উত্তৰ:২০১৯ চনৰ ৯ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ মুঠ ২৫ টা গুলীচালনা,১৯ টা লাঠীচালনা আৰু ১৫ টা কন্দুৱা গেছ নিক্ষেপৰ ঘটনা ঘটিছিল।আৰক্ষীৰ লাঠিচালনা বা গুলীচালনাত মুঠ ২০ জন ব্যক্তি আঘাতপ্ৰাপ্ত আৰু মুঠ ১০২৬ জন ব্যক্তি গ্ৰেপ্তাৰ হৈছিল।
প্ৰশ্ন:কিমানজনৰ ওপৰত UA(P)A,1967 ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল?কিমানজনৰ ওপৰত NIA ৰ তদন্ত ঘোষণা কৰা হৈছিল?কিমানজন পুলিচ আঘাতপ্ৰাপ্ত হৈছিল?শংকৰদেৱ কালাক্ষেত্ৰত কূটাঘাতৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন ওলালনে?
উত্তৰ:মুঠ ১১ জন ব্যক্তিৰ ওপৰত UA(P)A,১৯৬৭ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।মুঠ ৬ জন ব্যক্তিৰ ওপৰত NIA ৰ তদন্ত ঘোষণা কৰা হৈছিল।মুঠ ৮৮ জন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল।
শংকৰদেৱ কালাক্ষেত্ৰত কূটাঘাতৰ ঘটনাৰ ১০ জন পদকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গোচৰৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হৈছে।
প্ৰশ্ন:এই আন্দোলনত পুলিচৰ গুলীত নিহত আৰু আহতসকলক ক্ষতিপূৰণ দিয়া হৈছেনে?যদি দিয়া নাই,কিয় দিয়া নাই?দিয়াৰ পৰিকল্পনা আছেনে?
উত্তৰ:ক্ষতিপূৰণ দিয়াৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই।এনে ধৰণে মৃত্যু বা আঘাতপ্ৰাপ্ত হ’লে চৰকাৰীভাৱে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নাই।
প্ৰশ্ন:’কা’ বলৱৎ হ’লে অসমত কিমান বিদেশী নাগৰিকে নাগৰিকত্ব লাভ কৰিব?
উত্তৰ:’কা’ এটা কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়।ৰাজ্যিক চৰকাৰে এই বিষয়ে মতামত দিয়াৰ কৰ্তৃত্ব নাই।কিন্তু কা’ আইনৰ অধীনত কোনো বিদেশী ৰাজ্যলৈ অহাৰ ব্যৱস্থা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.