পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?

Share This Article

পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ  ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে আৰু পৰৱৰ্তী শুনানিৰ দিন অহা মঙলবাৰ ধাৰ্য কৰে ৷ লগতে বিচাৰপীঠে আবেদনকাৰীৰ আবেদনৰ এটা প্ৰতিলিপি চৰকাৰলৈও প্ৰেৰণ কৰিবলৈ কয় ৷ উল্লেখ্য যে মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে আজি পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ৷ ন্যায়ালয়ত জ্যেষ্ঠ সাংবাদিক এন ৰাম , শশী কুমাৰ , ৰুপেশ সিংহ , পৰাঞ্জয় গুহ ঠাকুৰতাকে ধৰি কেবাগৰাকীও বিশিষ্ট নাগৰিক আৰু এডিটৰছ গীল্ড অৱ ইণ্ডিয়াই পেগাছাছ চোৰাংছোৱাগিৰিৰ সঠিক অদন্ত বিচাৰি আবেদন দাখিল কৰিছিল ৷

কি ক’লে কপিল ছিব্বালে ?

জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে উচ্চতম ন্যায়ালয়ত আজি কয় যে পেগাছাছ ছফটৱেৰ কেৱল চৰকাৰেহে ক্ৰয় কৰিব পাৰে ৷ এটা ছফটৱেৰৰ মূল্য হৈছে ৫৫ হাজাৰ ডলাৰ ৷ গতিকে পেগাছাছ ছফটৱেৰ ক্ৰয়ৰ নামত চৰকাৰে কিমান ধন ব্যয় কৰিছে , সেয়া সকলোৱে জনা উচিত ৷ তেও লগতে এইবুলিও কয় যে চৰকাৰে পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ কথা এতিয়ালৈকে অস্বীকাৰ কৰা নাই ৷এয়া নাগৰিকৰ ব্যক্তি স্বাধীনতাৰ বিষয় ৷ এি গুৰুত্বপূৰ্ণ বিষয়টোত চৰকাৰ কিয় নীৰৱ বুলিও তেও প্ৰশ্ন কৰে ৷

কি ক’লে শ্যাম দীবানে ?

আবেদনকাৰীৰ আন এজন অধিবক্তা শয়াম দীবানে ন্যায়ালয়ৰ মজিয়াত কয় যে এয়া ছোছিয়েল মেডিয়াত চৰ্চা হোৱা বিষয় নহয় ৷ ফ্ৰান্স আৰু আমেৰিকাৰ চৰকাৰে এই বিষয়টোক লৈ ইজৰাইলক সকীয়ণি দিছে ৷গতিকে ভাৰত  চৰকাৰে ইয়াৰ নিজাববীয়া তদন্ত কৰা উচিত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.