হিলচ্ পিপলচ্ ফ’ৰামৰ সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন

কাৰ্বি আংলং জিলাৰ ২৫ টা জাতি জনগোষ্ঠীৰ ঐক্যমঞ্চ হিলচ্ পিপলচ্ ফ’ৰামৰ শুকুৰবাৰে সপ্তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় লাংৱুকু পৰ্যটনস্থলীত । হিলচ্ পিপলচ্ ফৰামৰ সভাপতি লাইচান ইংলেঙে পৰিচালনা কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাং সহ বিধায়ক বিদ্যাছিং ইংলেং ,বিধায়ক দৰছিং ৰংহাং ,কাৰ্যবাহী সদস্য আৰু এমএচি সকল উপস্থিত থাকে। হিলচ্ পিপলচ্ কালচাৰেল ফ’ৰামৰ উপদেষ্টা তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে ভাষণ প্ৰসংগত কয় যে সকলো জাতি -জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰতি বৰ্তাই ৰখাৰ লগতে সমবিকাশৰ বাবে মুখ্য কাৰ্যবাহী সদস্য গৰাকীক অনুৰোধ জনায় । কাৰ্বি পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ড° ৰংহাঙে HPCF ৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মাটি আবণ্টন আৰু গৃহ নিৰ্মাণ কৰি দিয়াৰ ঘোষণা কৰে ৷আজি HPCF ৰ সপ্তম প্ৰতিষ্ঠা দিৱসত ২৫ টা জাতি জনগোষ্ঠীৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296