Investigative reporting with dedication.

অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতিৰ নিশা ১.০৫ মিনিটত নতুন দিল্লীত দেহাৱসান হয়।কবি সনন্ত তাঁতিৰ নশ্বৰ দেহ আজি নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়া যোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে।বিশিষ্ট কবিগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গভীৰ শোক প্ৰকাশ৷
প্ৰয়াত কবিগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।




