মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….

Share This Article

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….ললিত গগৈৰ ফেচবুকৰ পৰা

ললিত গগৈ
মাত্ৰ ৪০০ কোটি । মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা থাকোতেই শৰৎ চন্দ্ৰ সিংহৰ চিন্তাত টোপনি খতি । কৈছিল-অপব্যয় ; অপচয় আৰু আয় চাই ব্যয় নকৰাৰ বাবেই এই দুৰ্গতি । কৰ্তন কৰিছিল অযথা ; অপ্ৰয়োজনীয় ব্যয় । ধোৱাঁখুলীয়া স্বভাৱ এৰি হৈছিল মিতব্যয়ী । কৈছিল-কেন্দ্ৰই ঋন লোৱাৰ অনুমতি দিছে বাবেই ঋন লম নেকি !তেনেকৈ ঋন বঢ়াই গৈ থাকোতেই হলগৈ ৪০০ কোটি । নহব । এতিয়াৰ পৰা প্ৰতিটো টকাই প্ৰকৃত লাভদায়ক কামত খৰছ হব লাগিব । ঋনৰ বোজা আৰু বঢ়াব নোৱাৰি । এনেকৈ চলি থাকিবলৈ দিলে ঋনৰ বোজা এক হেজাৰ কোটি টকা হবগৈ । মই অৰ্থনীতিবিদ নহয় ; নহওঁ বিত্তীয় বিশেষজ্ঞ । কিন্ত জানো এজন দুখীয়া গৃহস্থই কেনেকৈ আয় চাই ব্যয় কৰিব লাগে । এই গতি চলি থাকিলে এদিন সমস্ত স্থাৱৰ-অস্থাৱৰ সম্পত্তি বিক্ৰী কৰিও ধাৰ মাৰি শেষ কৰিব নোৱাৰিম ।আৰু আজি এজনা অৰ্থনীতিবিদতকৈয়ো ওপৰত । তেৰা সৰ্বজান্তা । ঋনৰ বোজা এক লাখ কোটিৰো অধিক আৰু বাৰ্ষিক সূতৰ পৰিমান ৮ হেজাৰ কোটিলৈ বৃদ্ধিৰ পিচতো বুকু ফুলাই কৈছে-আমি নিয়মমতেই ঋন লৈ আছো । ৰাজ্যত কোনো বিত্তীয় সংকট নাই । তেৰাই শিকাই দিয়ামতেই বিত্ত মন্ত্ৰী গৰাকীয়েও কৈছে-কেন্দ্ৰৰ নিয়মমতে যিমান ঋন লব পাৰি তাতকৈ আমি কমহে লৈছো । ১৯৮৯-৯০ চনত মহন্ত চৰকাৰৰ আমোলত ঋনৰ পৰিমান আছিল ৩৭১৩ কোটি টকা । ১৯৯১-৯২ চনত হিতেশ্বৰৰ আমোলত তাৰ পৰিমান হলগৈ ৪৪৪১ কোটি টকা । সেই সময়ত নিবাৰন বৰাই কলমৰ আগেদি জুই নিগৰাই সুধিছিল- মহন্ত-হিতেশ্বৰে আমাক বন্ধকত থব খুজিছে নেকি ! পৰিস্থিতি অধিক বেয়ালৈ গৈ থকাৰ পিচতো আজি পিচে তেনেকৈ প্ৰশ্ন কৰা সাংবাদিক-বুদ্ধিজীৱি আছে কেইজন ? তাহানি শৰৎ সিংহ চাগে জধামূৰ্খ আছিল !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.