Investigative reporting with dedication.

ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰবীণ কণ্ঠশিল্পী দশৰথ দাসৰ ৮১সংখ্যক ওপজা দিন শনিবাৰে পালন কৰা হয়। জন্মদিনত শিল্পীগৰাকীক গুণমুগ্ধই শুভেচ্ছাৰে উপচাই পেলায়। বজালীৰ বাঘমাৰাত উদযাপন কৰা জন্মদিনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অনুৰোধত শিল্পী দশৰথ দাসে গালে এটাৰ পিছত এটা তেওঁৰ কালজয়ী গীত, তেওঁক সহযোগ কৰিলে তেওঁৰ বোৱাৰী ঋতুমণি বৰুৱা দাসে ।
অনুষ্ঠানত উপস্থিত আছিল আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা নেপথ্য কণ্ঠশিল্পী ৰেণু দত্ত ফুকনৰ লগতে সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । শিল্পীগৰাকীৰ জন্মদিনত উন্মোচন কৰা হ’ল স্বৰচিত গ্ৰন্থ ‘ভাৱনা বিচিত্রা’ । জন্মদিনৰ দিনা তেওঁ পুনৰ জন্ম লাভ কৰিছে বুলি উল্লেখ কৰি কয় যে তেওঁৰ ভাগ্য যে বহুতসংখ্যক গুণী- জ্ঞানী ব্যক্তিয়ে তেওঁক শুভেচ্ছা জনাইছে । কৰণীয় কাম তেওঁৰ বহুত আছে যদিও সময়ে সুবিধা দিলেহে কৰিব পাৰিব বুলিও প্ৰকাশ কৰে প্ৰবীণ শিল্পীগৰাকীয়ে । আনহাতে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শিল্পীগৰাকীক শুভেচ্ছা জনাই তেওঁৰ সুস্বাস্থ্য কামনা কৰে। লগতে আগলৈও যাতে সংগীতৰ ক্ষেত্ৰখনত তেওঁ কাম কৰি যাব পাৰে তাৰ বাবে শুভেচ্ছা জনায়।




