‘বান্ধোনে’ৰে বান্ধিলে বৃদ্ধক

Share This Article

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ওদালগুৰি আৰক্ষীৰ উদ্যোগত আৰু সেনাবাহিনীৰ সহযোগত ওদালগুৰি অসামৰিক চিকিৎসালয়ত ‘বান্ধোন’ নামেৰে এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত জ্যেষ্ঠ নাগৰিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।লগতে একোখনকৈ গৰম উৰা কাপোৰ আৰু ফলৰ টোপোলা প্ৰদান কৰা হয় বয়োজ্যেষ্ঠ নাগৰিক সকলক। আৰক্ষীৰ ফালৰ পৰা জ্যেষ্ঠ নাগৰিক সকলক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে এটা হেল্পলাইন নম্বৰো ৰাজহুৱা কৰা হয়। ইয়াৰ পিছত আৰক্ষী আৰু সেনাৰ অৰ্ধশতাধিক জোৱানে ৰক্তদান কৰে।ওদালগুৰিৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে উদ্বোধন কৰা অনুষ্ঠানটোত সেনাবাহিনীৰ কামাণ্ডেণ্ট,ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.