সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰিম-জিমে ৰং সানিছে ৰহাত

ৰহাৰ দুগৰাকী যমজ ভগ্নী ৷ নাম ৰিম আৰু জিম ৷ ঘৰ ৰহাৰ দীঘলদৰিৰ মিলনপুৰত ৷ অবিকল চেহেৰাৰ যমজ ভগ্নী দুগৰাকী ৷ দীঘলদৰি মিলনপুৰৰ প্ৰাঞ্জল নাথ আৰু প্ৰজ্ঞা ৰানী কাকতিৰ জীয়ৰী এই ৰিম আৰু জিম ৷ অবিশ্বাস্যভাবে একে চেহেৰাৰ ভগ্নী দুগৰাকী ইতিমধ্যে উজলি উঠিছে নৃত্য আৰু সংগীতৰ জৰিয়তে ৷
ইতিমধ্যে বিভিন্ন প্ৰান্তত নৃত্য প্ৰদৰ্শনৰে উজলি উঠাৰ সমান্তৰালকে নৃত্যৰ বিভিন্ন প্ৰতিযোগিতাবোৰত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে দুয়ো যমজ ভগ্নী৷ সাইলাখ একে চেহেৰাৰ দুয়ো ভগ্নীয়ে বিভিন্ন বঁটা বাহনেৰে অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱ৷ আনুষ্ঠা্নিক শিক্ষা অবিহনে সংগীত আৰু নৃত্যৰ জৰিয়তে উজলি উঠিছে দুই ভগ্নী৷

Leave A Reply

Your email address will not be published.