বন্দুকৰ গৰ্জনত নহয়,কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া ছাউনী

Share This Article

কৰ্তব্যৰ স্বাৰ্থত পৰিধান কৰিব পাৰে তেওঁলোকে খাকী পোচাক । কিন্তু তেওঁলোকৰ তেজতো প্ৰবাহিত হৈ থাকে সংস্কৃতিৰ বোৱতী সুঁতি । এফালে যেনেকৈ তেওঁলোক জনতাৰ অতন্দ্ৰ প্ৰহৰী সমান্তৰালভাৱে তেওঁলোক গুৰুজনাৰ আদৰ্শ আৰু সমন্বয়ৰ বাণী উজ্জীৱিত কৰি ৰখাৰো দক্ষ সেনানী । এই কথাকেই যেন পুনৰ সোঁৱৰাই দিলে নগাঁও আৰক্ষীয়ে ।

শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে আৰক্ষী ছাউনীত মহাৰাসৰ অনুষ্ঠিত কৰি ডুব গ’ল আধ্যাত্মিক ৰসৰ যমুনাত । য’ত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেও ক্ষণিকৰ বাবে হ’লেও গোপীৰ ৰূপত অৱতীৰ্ণ হৈ ব্যাকুল হ’ল কৃষ্ণ প্ৰেমত । নগাঁও আৰক্ষীৰ বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সন্মিলিত প্ৰচেষ্টাত সফলতাৰে অনুষ্ঠিত হ’ল এই ৰাস মহোৎসৱ খনি । কালী পূজাৰ সময়তো হাতত ধনু-গদা লৈ সংস্কৃতি ৰক্ষাৰ কছৰৎ আৰম্ভ কৰা নগাঁও আৰক্ষীয়ে এইবাৰ নান্দনিক সমাহাৰ ঘটালে আধ্যাত্মিক দৰ্শনৰ । নগাঁও আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰাই অভিনীত এই কেলিগোপাল নাট আঘোণৰ ডাঠ কুঁৱলীৰ আচ্ছাদন ঠেলি দুপৰ নিশালৈকে উপভোগ কৰিলে অগণন লোকে । নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহ যেন হৈ পৰিছিল অন্য এক বৃন্দাবন ….।।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.