সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বন্দুকৰ গৰ্জনত নহয়,কৃষ্ণৰ বাঁহীৰ সুৰত মতলীয়া ছাউনী

কৰ্তব্যৰ স্বাৰ্থত পৰিধান কৰিব পাৰে তেওঁলোকে খাকী পোচাক । কিন্তু তেওঁলোকৰ তেজতো প্ৰবাহিত হৈ থাকে সংস্কৃতিৰ বোৱতী সুঁতি । এফালে যেনেকৈ তেওঁলোক জনতাৰ অতন্দ্ৰ প্ৰহৰী সমান্তৰালভাৱে তেওঁলোক গুৰুজনাৰ আদৰ্শ আৰু সমন্বয়ৰ বাণী উজ্জীৱিত কৰি ৰখাৰো দক্ষ সেনানী । এই কথাকেই যেন পুনৰ সোঁৱৰাই দিলে নগাঁও আৰক্ষীয়ে ।

শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে আৰক্ষী ছাউনীত মহাৰাসৰ অনুষ্ঠিত কৰি ডুব গ’ল আধ্যাত্মিক ৰসৰ যমুনাত । য’ত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেও ক্ষণিকৰ বাবে হ’লেও গোপীৰ ৰূপত অৱতীৰ্ণ হৈ ব্যাকুল হ’ল কৃষ্ণ প্ৰেমত । নগাঁও আৰক্ষীৰ বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সন্মিলিত প্ৰচেষ্টাত সফলতাৰে অনুষ্ঠিত হ’ল এই ৰাস মহোৎসৱ খনি । কালী পূজাৰ সময়তো হাতত ধনু-গদা লৈ সংস্কৃতি ৰক্ষাৰ কছৰৎ আৰম্ভ কৰা নগাঁও আৰক্ষীয়ে এইবাৰ নান্দনিক সমাহাৰ ঘটালে আধ্যাত্মিক দৰ্শনৰ । নগাঁও আৰক্ষী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰাই অভিনীত এই কেলিগোপাল নাট আঘোণৰ ডাঠ কুঁৱলীৰ আচ্ছাদন ঠেলি দুপৰ নিশালৈকে উপভোগ কৰিলে অগণন লোকে । নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহ যেন হৈ পৰিছিল অন্য এক বৃন্দাবন ….।।

- Donation -

Leave A Reply

Your email address will not be published.