মাজুলীৰ নিশাৰ অতিথি হ’ব মুখ্যমন্ত্ৰী : বংশীধৰ পায়েঙৰ ঘৰত কিহৰ ব্যস্ততা ?

Share This Article

লাচিতে নিশাটোৰ ভিতৰতে গড় বন্ধাৰ দৰে সাজি উলিওৱা হ’ল এটা ঘৰ ৷ মাজুলীৰ বংশীধৰ পায়েঙৰ ঘৰত এদিনৰ ভিতৰত এটা চাংঘৰ সাজিছে জিলা প্ৰশাসনে ৷ ঘৰটোলৈ আহিছে নতুন নতুন আচবাব ৷ নতুন টেবুল , চকী , বিচনা , আলমিৰা ইত্যাদি ইত্যাদি ৷ এই সাম্গ্ৰীবোৰ বংশীধৰ পায়েঙৰ ঘৰলৈ আনিছে খোদ জিলা প্ৰশাসনে ৷ কিয়নো পায়েঙৰ ঘৰলৈ এজন বিশেষ অতিথি আহিব ৷ এই অতিথিজনক আদৰিবলৈ ঘৰ সাজি তাত চূণ – তেল ঘহা হৈছে ৷ যেন বিয়াঘৰীয়া ব্যস্ততা ৷ বংশীধৰ পায়েঙে এতিয়ালৈকে বিশেষ আও ভাও একোৱেই পোৱা নাই ৷ তেওক কেৱল জনোৱা হৈছে যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আহিব মাজুলীৰ ৰাস চাবলৈ ৷ উত্তৰ কমলাবাৰী সত্ৰকে ধৰি কেবাখনো সত্ৰত ৰাস চোৱাৰ পাছত তেও বংশীধৰ পায়েঙৰ ঘৰত নৈশ যাপন কৰিব ৷ কিন্তু বংশীধৰ পায়েঙৰ ঘৰত পকী শৌচাগাৰ , পানীৰ ব্যৱস্থা একোয়েই নাই ৷ জকাইবোৱা গাঁৱৰ এজন উপান্ত কৃষক বংশীধৰ পায়েঙৰ ঘৰত সেইবাবেই উবুৰি খাই পৰিল জিলা প্ৰশাসন ৷তেওৰ পুৰণি খেৰৰ ঘৰটো সম্পূৰ্ণকৈ ভাঙি নতুনকৈ নিৰ্মান কৰা হ’ল ৷সন্মুখৰ টিনৰ চাঙঘৰটো সম্পূৰ্ণকৈ মেৰামতি কৰি ৰঙ দিয়া হ’ল ৷ পকী শৌচাগাৰ সজা হ’ল ৷ পানীৰ টেংকি বহুওৱা হ’ল ৷ এই সকলোবোৰ ইমান তৎকালে যুদ্ধৰ গতিত ঘটিছে যে বংশীধৰ পায়েঙে একো তলকিবই পৰা নাই ৷ তেও কেৱল জানে যে অসমৰ মুখ্যমন্ত্ৰী তেওৰ ঘৰৰ নিশাৰ আলহী হ’ব ৷আজিৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছে এই সম্পৰ্কীয় বিস্তাৰিত বাতৰি ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.