সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিছপুৰত আছু…

বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় অসম চুক্তি ৰূপায়ণ সন্দর্ভত গঠন হোৱা উপ সমিতিৰ দ্বিতীয়খন বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰে উপসমিতিখনৰ অধ্যক্ষ অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰীকা, অজন্তা নেওগ , আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভটাচার্য , সভাপতি দিপাংক কুমাৰ নাথ , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা , উপদেষ্টা প্ৰকাশ দাস আৰু উদ্দীপ্ত জ্যোতি গগৈয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদমাধ্যমক জনোৱা অনুসৰি অসম চুক্তি প্ৰতিটো দফা কার্যকৰী কৰিবলৈ সময় নিদ্ধাৰিত কার্যসূচী নিৰূপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷চৰকাৰ আৰু সদৌ অসম ছাত্ৰসন্থই জনোৱা অনুসৰি বৈঠকৰ মূল বিষয় আছিল অসম চুক্তি ৫ নং দফা ৰূপায়ন অথাৎ অসম চুক্তিৰ ৫ নং দফা ৰূপায়ন সন্দর্ভত সময় নিদ্ধাৰিত কার্যসূচীকলৈ সিদ্ধানত গ্ৰহণ কৰা হয় ৷

Leave A Reply

Your email address will not be published.