দ্য ক্ৰছকাৰেন্ট’লৈ ‘গণকণ্ঠ’ৰ নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ ৰাজ্যিক বঁটা

Share This Article

নলবাৰী জিলাৰ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ ‘গণকণ্ঠ’ই ‘দ্য ক্ৰছকাৰেন্ট’লৈ আগবঢ়াইছে ‘নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা’ৰ ৰাজ্যিক বঁটা ৷ দেওবাৰে সন্ধিয়া বালিকুচিৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ‘দ্য ক্ৰছকাৰেন্ট’ক এই বঁটা প্ৰদান কৰা হয় ৷ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠই ৰাভা দিৱস উপলক্ষ্যে প্ৰতিবছৰে বিভিন্ন সাংবাদিক , সংবাদ প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰি আহিছে ৷

২০২১-২২ বৰ্ষত নিৰ্ভীক সাংবাদিকতাৰ বঁটাৰ বাবে গণকণ্ঠই ‘দ্য ক্ৰছকাৰেন্ট’ক নিৰ্বাচন কৰে ৷ ৰাভা দিৱস উপলক্ষ্যে বিগত ২০ জুনত এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও বানপানীৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো পিছুৱাই দিয়া হয় ৷ ১৭ জুলাইত এই বঁটাসমূহ প্ৰদান কৰা হয় ৷
একেটা অনুষ্ঠানতে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা , অৰূপ ৰঞ্জন বৰ্মন , নকুল চন্দ্ৰ দাস , ‘লুইতজ্যোতি’ কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা ,’ নিউজ লাইভ’ৰ তেজপুৰৰ সাংবাদিক পুলক ডেকা , জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথকো বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয় ৷
অনুষ্ঠানটোৰ আঁত ধৰে ‘গণকণ্ঠ’ৰ সম্পাদক সুনীল কুমাৰ দাসে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.