সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দ্য ক্ৰছকাৰেন্ট’লৈ ‘গণকণ্ঠ’ৰ নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতাৰ ৰাজ্যিক বঁটা

নলবাৰী জিলাৰ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ ‘গণকণ্ঠ’ই ‘দ্য ক্ৰছকাৰেন্ট’লৈ আগবঢ়াইছে ‘নিৰ্ভীক নিৰপেক্ষ সাংবাদিকতা’ৰ ৰাজ্যিক বঁটা ৷ দেওবাৰে সন্ধিয়া বালিকুচিৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত ‘দ্য ক্ৰছকাৰেন্ট’ক এই বঁটা প্ৰদান কৰা হয় ৷ সাংবাদিক সাহিত্যিকৰ ঐক্যমঞ্চ গণকণ্ঠই ৰাভা দিৱস উপলক্ষ্যে প্ৰতিবছৰে বিভিন্ন সাংবাদিক , সংবাদ প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰি আহিছে ৷

- Donation -

২০২১-২২ বৰ্ষত নিৰ্ভীক সাংবাদিকতাৰ বঁটাৰ বাবে গণকণ্ঠই ‘দ্য ক্ৰছকাৰেন্ট’ক নিৰ্বাচন কৰে ৷ ৰাভা দিৱস উপলক্ষ্যে বিগত ২০ জুনত এই বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও বানপানীৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো পিছুৱাই দিয়া হয় ৷ ১৭ জুলাইত এই বঁটাসমূহ প্ৰদান কৰা হয় ৷
একেটা অনুষ্ঠানতে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা , অৰূপ ৰঞ্জন বৰ্মন , নকুল চন্দ্ৰ দাস , ‘লুইতজ্যোতি’ কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা ,’ নিউজ লাইভ’ৰ তেজপুৰৰ সাংবাদিক পুলক ডেকা , জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথকো বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয় ৷
অনুষ্ঠানটোৰ আঁত ধৰে ‘গণকণ্ঠ’ৰ সম্পাদক সুনীল কুমাৰ দাসে ৷

Leave A Reply

Your email address will not be published.