প্ৰাণচঞ্চল হৈ পৰিল জনগোষ্ঠীয় উৎসৱ

Share This Article

বঙাইগাঁও জিলা শিক্ষাখণ্ডৰ অন্তৰ্গত সমগ্ৰ শিক্ষা বঙাইগাঁৱৰ উদ্যোগত আৰু টেঙাইগাঁও মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি জনগোষ্ঠীয় উৎসৱ ২০২২ উদযাপন কৰে ৷
বঙাইগাঁও
শিক্ষাখণ্ডৰ অধীনৰ টেঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱাৰে পৰা এই উৎসৱ আৰম্ভ হয় ৷ মণ্ডল সমল কেন্দ্ৰৰ মুঠ ৯ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,অভিভাবক সকলে অংশ গ্ৰহণ কৰে এই জনগোষ্ঠীয় উৎসৱত ৷ এই উপলক্ষে বিদ্যালয় চৌহদৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ৷ বঙাইগাঁও শিক্ষা বিভাগৰ সহকাৰী পৰিদৰ্শক ভদ্ৰাৱতী বৰ্মনে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধন কৰে ৷
জনগোষ্ঠীয় উৎসৱৰ লগত সংগতি ৰাখি ৰেঙণি নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিশিষ্ট ব্যক্তি তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বলেন চন্দ্ৰ সিংহই৷
এই উৎসৱত বিভিন্ন জাতি,জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টি আৰু নৃত্য প্ৰদৰ্শন কৰা হয়৷
ছাত্ৰ ছাত্ৰী সকলৰ মাজতো বিভিন্ন প্ৰতিযোগিতা আৰু বিয়লিৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হ’ব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.