‘অভিশপ্ত’ নেকি গেৰুকামুখ?

Share This Article

অভিশপ্ত নেকি গেৰুকামুখ?
অঘটনে লগ নেৰা হৈছে গেৰুৱাকামুখক

গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভূমিস্খলন সংঘটিত হৈছে৷

গেৰুকামুখৰ NHPC প্ৰকল্পৰ ডাইভাৰ্চন টাৰ্ণেললৈ যোৱা পথটো খহি পৰিছে৷

অৰুণাচল পাহাৰত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হৈছে৷
২ নং টানেলৰ লেফ্ট বেংকৰ এটা অংশত বৃহদাকৃতিৰ গাঁতৰ সৃষ্টি হৈছে৷
বন্ধ হৈ পৰিছে ডাইভাৰ্চন টানেললৈ যোৱা সকলোধৰণৰ যোগাযোগ৷
ইতিমধ্যে গেৰুকামুখৰ প্ৰকল্পটোৰ
প্ৰায় ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ
হৈছে৷
বাৰিষাৰ প্ৰভাৱ নপৰোঁতেই এনেদৰে ভূমিস্খলন হোৱাটোৱে চিন্তাত পেলাইছে স্থানীয় জনতাক৷ প্ৰকল্পটো সুৰক্ষিত কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছে NHPC ৰ বিৰুদ্ধে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.