আলফা(স্বা)ত যোগ দিবলৈ যোৱা নয়নমনি , সবিতা , শৰ্মিষ্ঠাৰ ঘৰ ক’ত ?

Share This Article

আলফা(স্বাধীন)য়ে ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ উকলিবলৈ মাজত মাত্ৰ দুদিন সময় আছে ৷ কিন্তু তাৰ পূৰ্বে নিষিদ্ধ ঘোষিত সংগঠনটোৱে পুণৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে ৷ আলফা(স্বা)ত যোগ দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী যুৱতী ম্যানমাৰলৈ ৰাওনা হোৱাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱতী কেইগৰাকী তিনিচুকীয়া , মাজুলী , লখিমপুৰ , ধেমাজি আৰু মৰিগাঁও জিলাৰ ৷ তেওলোকৰ মাজত আছে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙ খেলুৱৈ ৷ ইয়াৰে ধেমাজিৰ সবিতা চেতিয়াই যোৱা আগষ্ট মাহত গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিঙ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিবলৈও সক্ষম হৈছিল ৷ আনহাতে , তিনিচুকীয়াৰ চাংমাই গাওৰ নয়নমনি চেতিয়াও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙ খেলুৱৈ ৷ তেওৰ এটি সন্তানো আছে ৷ খেলিবলৈ যাও বুলি কৈ দুদিনমান পূৰ্বে ঘৰৰ পৰা ওলাই অহা নয়নমনি চেতিয়াই আলফাত যোগ দিয়াৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে ৷ লখিমপুৰৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া নামৰ যুৱতীগৰাকীৰ নেতৃত্বতে তেওলোক ম্যানমাৰলৈ ৰাওনা হোৱাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে ৷ মৰিগাও আৰু মাজুলীৰ পৰা নিখোজ হৈ থকা যুৱতীকেইগৰাকীৰ পৰিচয় এতিয়াও ৰাজহুৱা হোৱা নাই ৷ নয়নমনি চেতিয়াই দুৰ্গম পাহাৰৰ মাজেৰে ম্যানমাৰলৈ ৰাওণা হোৱাৰ ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.