সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ , অসম , তামিলনাডু , কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনত হোৱা ব্যয়ৰ হিচাপ দাখিল কৰিছে ৷ বিজেপিয়ে দাখিল কৰা হিচাপ অনুযায়ী পাঁচ ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনত দলটোৱে মুঠ ২৫২ কৌটি ২ লাখ ৭১ হাজাৰ ৭৫৩ টকা ব্যয় কৰিছে ৷ ইয়াৰে ৬০ শতাংশ ধন ব্যয় কৰিছিল পশ্চিমবংগত ৷ অৰ্থাৎ মমতা বেনাৰ্জীক উৎখাত কৰিবলৈ বিজেপিয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ব্যয় কৰিছিল প্ৰায় ১৫১ কৌটি টকা ৷ আন চাৰি ৰাজ্যৰ নিৰ্বাচনত ব্যয় কৰা হৈছিল ১০১ কৌটি টকা ৷ পশ্চিমবংগৰ বাহিৰে অসমত সৰ্বাধিক ৪৩ কৌটি ৪১ লাখ টকা ব্যয় কৰিছিল বিজেপিয়ে ৷ আনহাতে , কেৰালাত ২৯ কৌটি ২৪ লাখ , তামিলনাডুত ২২ কৌটি ৯৭ লাখ আৰু পুডুচেৰীত ৪ কৌটি ৭৯ লাখ টকা ব্যয় কৰিছিল বিজেপিয়ে৷ অসম আৰু পুডুচেৰীত বিজেপিয়ে ক্ষমতা লাভ কৰাৰ বিপৰীতে পশ্চিমবংগত ৭৭ খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে , কেৰালাত এখনো আসন লাভ নকৰিলে বিজেপিয়ে ৷ তামিলনাডুত লাভ কৰে মাত্ৰ ২.৯ শতাংশ ভোট ৷

Leave A Reply

Your email address will not be published.