অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা

Share This Article

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ , অসম , তামিলনাডু , কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনত হোৱা ব্যয়ৰ হিচাপ দাখিল কৰিছে ৷ বিজেপিয়ে দাখিল কৰা হিচাপ অনুযায়ী পাঁচ ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনত দলটোৱে মুঠ ২৫২ কৌটি ২ লাখ ৭১ হাজাৰ ৭৫৩ টকা ব্যয় কৰিছে ৷ ইয়াৰে ৬০ শতাংশ ধন ব্যয় কৰিছিল পশ্চিমবংগত ৷ অৰ্থাৎ মমতা বেনাৰ্জীক উৎখাত কৰিবলৈ বিজেপিয়ে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ব্যয় কৰিছিল প্ৰায় ১৫১ কৌটি টকা ৷ আন চাৰি ৰাজ্যৰ নিৰ্বাচনত ব্যয় কৰা হৈছিল ১০১ কৌটি টকা ৷ পশ্চিমবংগৰ বাহিৰে অসমত সৰ্বাধিক ৪৩ কৌটি ৪১ লাখ টকা ব্যয় কৰিছিল বিজেপিয়ে ৷ আনহাতে , কেৰালাত ২৯ কৌটি ২৪ লাখ , তামিলনাডুত ২২ কৌটি ৯৭ লাখ আৰু পুডুচেৰীত ৪ কৌটি ৭৯ লাখ টকা ব্যয় কৰিছিল বিজেপিয়ে৷ অসম আৰু পুডুচেৰীত বিজেপিয়ে ক্ষমতা লাভ কৰাৰ বিপৰীতে পশ্চিমবংগত ৭৭ খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে , কেৰালাত এখনো আসন লাভ নকৰিলে বিজেপিয়ে ৷ তামিলনাডুত লাভ কৰে মাত্ৰ ২.৯ শতাংশ ভোট ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.