সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফেচবুকত ড: হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষ বিয়পাইছিল নেকি ?

বিগত বিধানসভা নিৰ্বাচনত ড: হিমন্ত বিশ্ব শৰ্মাই বিয়পাইছিল সংখ্যালঘু আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ ৷ যাৰ বাবে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ভাষণক ফেচবুকে ৰেড ফ্লেগেৰে চিহ্নিত কৰিছিল ৷ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেচবুকে প্ৰস্তুত কৰা এক আভ্যন্তৰীণ প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য ৷ ফেচবুকৰ প্ৰতিবেদনখনত কোৱা হৈছে যে ড: হিমন্ত বিশ্ব শৰ্মাই এটা ভাষণত কৈছিল যে মুছলনমানসকলে কৃষিকাৰ্যত ৰাসায়নিক সাৰ ব্যৱহাৰৰ জড়িয়তে অসমৰ জনসাধাৰণৰ ওপৰত জৈৱিক আক্ৰমণ আৰম্ভ কৰিছে ৷ যাতে অসমৰ মানুহ কিডনী , লিভাৰ আৰু হৃদৰোগত আক্ৰান্ত হয় ৷ড: হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণটোক ফেচবুকে দেখুৱাইছিল ৰেড ফ্লেগ ৷ অৰ্থাৎ এনে ভাষণৰ জড়িয়তে মুছলমানৰ বিৰুদ্ধে ড: শৰ্মাই ঘৃণা বিয়পোৱা বুলি অভিহিত কৰিছিল ফেচবুকে ৷ ফেচবুকৰ এনে আভ্যন্তৰীণ প্ৰতিবেদন পোহৰলৈ আহিছে মাৰ্কিন কংগ্ৰেছ আৰু ইউনাইটেড ষ্টেটছ চিকিউৰিটী এণ্ড চাৰ্ভিছেছ কমিছনৰ পৰা ৷ ফেচবুকৰ জড়িয়তে বিশ্বজুৰি ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছিল ফেচবুকৰ প্ৰাক্তণ বিষয়া ফ্ৰান্সেছ হাউগানে ৷ তেওৰ এই অভিযোগক গুৰুত্বসহকাৰে লৈ মাৰ্কিন কংগ্ৰেছ আৰু ইউনাইটেড ষ্টেটছ চিকিউৰিটী এণ্ড চাৰ্ভিছেছ কমিছনে আৰম্ভ কৰিছে তদন্ত ৷ মাৰ্কিন কংগ্ৰেছ আৰু ইউনাইটেড ষ্টেটছ চিকিউৰিটী এণ্ড চাৰ্ভিছেছ কমিছনৰ হাতত ফ্ৰান্সেছ হাউগানে দাখিল কৰিছে ফেচবুকৰ বিভিন্ন আভ্যন্তৰীণ প্ৰতিবেদন ৷ এনে এখন প্ৰতিবেদনতে কোৱা হৈছে যে নিৰ্বাচনৰ সময়ত ড: হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জড়িয়তে মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাইছিল ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশ পাইছে এই বাতৰি ৷
ফেচবুকৰ ‘ভাৰতত সাম্প্ৰদায়িক সংঘৰ্ষ’ শীৰ্ষক আন এখন প্ৰতিবেদনত কোৱা হৈছে যে ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহ পৰ্যন্ত সংখ্যালঘুৰ বিৰুদ্ধে ব্যাপক হাৰত ঘৃণা উদ্দীপক পোষ্ট ফেচবুকত দিয়া হৈছিল ৷ বিশেষকৈ কা আন্দোলন আৰু ভাৰতত বলবৎ কৰা লকডাউন সন্দৰ্ভতে মুছলমানৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰা হৈছিল ৷ মূলত: ইংৰাজী , হিন্দী আৰু বাঙালী ভাষাত এনে পোষ্ট বেছিকৈ শ্বেয়াৰ কৰা হৈছিল ৷ ফেচবুকৰ ‘ইণ্ডিয়া হাৰ্মফুল নেটৱৰ্ক ‘ শীৰ্ষক আন এখন প্ৰতিবেদনতখনত উল্লেখ কৰা হৈছে যে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে মেছেঞ্জাৰৰ জড়িয়তে বহু পোষ্ট প্ৰেৰণ কৰিছিল , তাৰ পাছত এই পোষ্টসমূহ ফেচবুকৰ বিভিন্ন গ্ৰুপত আপলোড কৰা হৈছিল ৷ এনে পোষ্ট সমূহ আপত্তিজনক আছিল যদিও হিংসা বিয়পোৱা ধৰণৰ নাছিল ৷ আনহাতে আৰ এছ এছ আৰু বিজেপিয়ে ব্যাপক হাৰত লাভ জিহাদ সম্পৰ্কীয় পোষ্ট শ্বেয়াৰ কৰিছিল ৷ য’ত মুছলমান বিদ্বেষী হেচটেগ ব্যৱহাৰ কৰা হৈছিল ৷ ফেচবুকৰ নিজা প্ৰতিবেদন অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ সময়ৰে পৰা ভাৰতত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল সংখ্যালঘু আৰু মুছলমান বিৰোধী প্ৰচাৰ ৷ বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কৰ্মীয়ে মুছলমানৰ বিৰুদ্ধে ঘৃনা বিয়পোৱাৰ মাধ্যম হিচাপে বাছি লৈছিল ফেচবুক ৷ যাৰ বাবে ফেচবুকে ঘৃণা বয়পোৱা পোষ্ট সমূহক দিয়া ৰেড ফ্লেগৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল ৷ যিসমূহ পোষ্টৰ জড়িয়তে সমাজত ঘৃণা বিয়পোৱাৰ চেষ্টা কৰা হয় , সেই পোষ্টসমূহক ফেচবুকে ৰেড ফ্লেগেৰে চিহ্ণিত কৰে ৷ ৰেড ফ্লেগেৰে চিহ্নিত কৰাৰ অৰ্থ হ’ল এনে পোষ্টৰ পৰা বিপদজ্জনক কাণ্ড সংঘটিত হ’ব পাৰে ৷ সেয়ে সকলো লোকেই এনে পোষ্টৰ পৰা সাৱধান হ’ব লাগে ৷ ফেচবুকে ২০২০ চনৰ জুলাই মাহত প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে ৷

Leave A Reply

Your email address will not be published.