Investigative reporting with dedication.

হাতত ঝাৰু লৈ এইবাৰ স্বচ্চ অভিযানত অখিল গগৈ৷শুকুৰবাৰে পুৱা ‘পৰিষ্কাৰ শিৱসাগৰ, সেউজ শিৱসাগৰ’ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক অখিল গগৈয়ে। হাতত ঝাড়ু লৈ নিজেই চাফাই অভিযানত নামিল বিধায়কগৰাকী। মাহ জুৰি চাফাই অভিযান চলাব বুলি সদৰি কৰিছে বিধায়কগৰাকীয়ে। চাফাই অভিযানত পৌৰকৰ্মীৰ লগতে ৰাইজৰ দলৰ কৰ্মীয়েও অংশগ্ৰহণ কৰে।




