গুৱাহাটীত সাংবাদিকক হত্যাৰ চেষ্টা কৰ্তব্যৰত অৱস্থাত নিশা আক্ৰমণ সাংবাদিকক

Share This Article

গুৱাহাটীত সাংবাদিকক হত্যাৰ চেষ্টা কৰ্তব্যৰত অৱস্থাত নিশা আক্ৰমণ সাংবাদিকক

‘অসমীয়া প্ৰতিদিন’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ বনজিৎ ঠাকুৰীয়াক আক্ৰমণ

কৰ্মাচ কলেজৰ সন্মুখত সংঘটিত এই ঘটনা ৰেষ্টুৰেণ্টৰ মালিক-কৰ্মচাৰীৰ আক্ৰমণ

দুজনক আটক আৰক্ষীৰ

গুৱাহাটী মহানগৰীত এতিয়া সকলোৰে যেন নিৰাপত্তা নোহোৱা হৈছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো হত্যাৰ চেষ্টা চলোৱা হৈছে। যোৱা নিশা কমাৰ্চ কলেজৰ সন্মুখত ফেট বেলি নামৰ ৰেষ্টুৰেণ্টখনত জুই লগাৰ খবৰ পাই ‘অসমীয়া প্ৰতিদিন’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ বনজিৎ ঠাকুৰীয়া ঘটনাস্থলীলৈ আহি ফটো তুলি থাকোঁতেই তেওঁক আক্ৰমণ কৰে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰসহ কৰ্মচাৰীয়ে। কিয় ফটো তুলিবি,কোন তই আদি ধমকি দি সাংবাদিক গৰাকীক আক্ৰমণ কৰে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰসহ কৰ্মচাৰীয়ে। ঘটনাস্থলীত আৰুক্ষী আহি পোৱাৰ পাছত আক্ৰমণকাৰী সকল পলায়ন কৰে যদিও আৰক্ষীয়ে দুজনক আটক কৰে। ইতিমধ্যে চানমাৰি আৰক্ষী থানাত দিয়া এজাহাৰত সাংবাদিকগৰাকীয়ে অভিযুক্ত দুজনৰ নাম নকুল চন্দ্ৰ বড়ো আৰু নৱনীল গোস্বামীৰ নাম উল্লেখ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.