মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গোচৰ : লুকুৱাবলৈ বিয়পোৱা হ’ল নেকি ভুৱা বাতৰি ?

Share This Article

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত ফাদিল হোৱা কোভিড ফাইলছ এতিয়া ৰাজ্যৰ ৰাজনীতিত প্ৰধান ইছ্যু হৈ পৰিছে ৷ কভিডকালত পি পি ই কীটৰ ঠিকা লৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল দুৰ্নীতিত জড়িত হোৱাৰ অভিযোগ তুলি আজি ৰাজ্যজুৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে আম আদমি পাৰ্টীয়ে ৷ তাৰ পাছতে দলটোৱে লতাশিক থানাত মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওলোকৰ দুই ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ দলটোৰ ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈয়ে এই এজাহাৰ দাখিল কৰে ৷ এজাহাৰত কোভিডকালত হোৱা দুৰ্নীতিৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪২০, ৪০৪, ৪০৯ ধাৰাৰ লগতে অবৈধ ধন সৰবৰাহ আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আবেদন জনোৱা হয় ৷

আম আদমি পাৰ্টীৰ আজিৰ কাৰ্যসূচী ৰূপায়নৰ পূৰ্বে অসমৰ সংবাদ মাধ্যমত এটা বাতৰি ব্যাপক ৰূপত প্ৰচাৰ কৰা হয় যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আম আদমি পাৰ্টীত যোগদানৰ বাবে সাজু হৈছে ৷ এই বাতৰিক দুয়োটা পক্ষই ভুৱা আখ্যা দি নাকচ কৰাৰ পাছতো তাক লৈ সংবাদ মাধ্যমত চৰ্চা চলি থাকে ৷ আম আদমি পাৰ্টী আৰু ৰাইজৰ দলৰ সন্দেহ – মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপণ হোৱা দুৰ্নীতিৰ অভিযোগ লুকুৱাবলৈকে এই ভুৱা বাতৰি ব্যাপক ৰূপত প্ৰচাৰ কৰা হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.