ৰাজ্যজুৰি সুধাকণ্ঠক সশ্ৰদ্ধ স্মৰণ

Share This Article

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ আজি দশম মৃত্যুবাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যই প্ৰবাদপ্ৰতীম শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত দিনযোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ সন্ধিয়া কৈলাস ৰাভা আৰু তেওৰ শিল্পীৰ দলে ছেক্স’ফোনৰ এক বিশেষ সংগীতানুষ্ঠানেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব ৷ ইফালে , জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ অনুৰূপধৰণে সমগ্ৰ ৰাজ্যবাসীয়ে আজি মৃত্যুদিৱসৰ দিনটোত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.