কলা গুণ্ডাৰ মৃত্যু

Share This Article

যোৰহাট কাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা লৰাৰ মৃত্যু। মঙ্গলবাৰে শেষ নিশা আৰক্ষীৰ বাহনৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হয় ক’লা ল’ৰাৰ। যোৰহাটৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ বৰা হত্যা কাণ্ডৰ মূল অভিযুক্ত আছিল এই ক’লা ল’ৰা।

আৰক্ষীয়ে সদৰি কৰা মতে মঙ্গলবাৰে নিশা চিনামৰা খৰীয়া চুকুত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰিছিল। সেই সময়ত পাছে পাছে আহি থকা আৰক্ষীৰ আন এখন বাহনে খুন্দিয়াই ক’লা ল’ৰাক। ইয়াৰ পিছতে এই ঘটনাত আহত আঘাতপ্ৰাপ্ত ক’লা ল’ৰাক জে এম চি এইছত ভৰ্তি কৰে।

জে এম চি এইছত চিকিৎসকে Brought Dead ঘোষণা কৰে। আনহাতে এই ঘটনাত আহত হয় আন ৩ জন আৰক্ষী। উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাটৰ মাজমজিয়াত উদিয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ লগতে আন দুজনক দলবদ্ধভাৱে আক্ৰমণ কৰিছিল ক’লা ল’ৰাৰ নেতৃত্বত প্ৰায় ৫০ জন ব্যক্তিয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.